ETV Bharat / state

Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

author img

By

Published : Oct 15, 2022, 7:20 AM IST

Updated : Oct 15, 2022, 11:13 AM IST

অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই ৷ ৰাজ্যবাসীৰ দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানৰ প্ৰতি সন্মান জনাই আৱাহন থিয়েটাৰৰ দর্শনীত ‘লভিতা’ নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে (Lavita will not be staged at Awahan Theatre) ৷

Awahan theatre decision over Lavita drama
Lavita Controversy: আৱাহন থিয়েটাৰৰ দৰ্শনীত মঞ্চস্থ নহয় লভিতা

নিউজ ডেস্ক, 15 অক্টোবৰ: ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰা লভিতা নাটক বিতৰ্কৰ নতুন মোৰ (Awahan theatre decision over Lavita drama )৷ অৱশেষত ৰাইজৰ ওচৰত সেও মানিলে আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই ৷ ৰাজ্যবাসীৰ দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানৰ প্ৰতি সন্মান জনাই ‘আৱাহন থিয়েটাৰ’ৰ দর্শনীৰ পৰা ‘লভিতা’ নাটকখন আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে (Lavita will not be staged at Awahan Theatre) ৷

শুকুৰবাৰে ফেচবুকত এক পোষ্টযোগে অভিনেত্ৰীগৰাকীয়ে লিখে যে - "শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, সকলো দল-সংগঠন,সাংস্কৃতিক কৰ্মী,আপোনালোকৰ সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি ‘আৱাহন থিয়েটাৰ’ৰ দর্শনীত পৰা ‘লভিতা’ নাটকখন পৰিৱেশন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।

আমি সদায় বিশ্বাস কৰি আহিছোঁ যে ৰাইজৰ উৰ্দ্ধত কোনো নহয়, আমি সাংস্কৃতিক কৰ্মী হিচাবে ধূলিকণা মাত্ৰ । আমাৰ চেষ্টা আছিল চিৰনমস্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি লভিতাৰ অনুপ্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সেই সময়খিনিক ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰাৰ ।

আমাৰ উদ্দেশ্যে কেতিয়াও ৰূপকোঁৱৰ জনাৰ সৃষ্টিক বিকৃত কৰাৰ নাছিল আৰু ভৱিষ্যতেও নাথাকিব । পুনৰ দোহাৰিব বিচাৰিছোঁ বিতৰ্ক সৃষ্টিৰে দৰ্শক সৃষ্টি কৰাৰ ধৃষ্টতা আমাৰ নাই ৷ সেয়েহে আপোনালোকৰ অনুৰোধ, দাবী, আৱেগ, আক্ষেপ আৰু স্বাভিমানক গুৰুত্বসহকাৰে লৈ এই নাটখন মঞ্চস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

পুনৰ দোহাৰিছোঁ কোনো বিতৰ্ক সৃষ্টিৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টিক বিতৰ্কৰ মাজলৈ নিয়াৰ অভিপ্ৰায় আমাৰ নাছিল আৰু আগলৈও নাথাকিব । আমি মাত্ৰ এটি প্ৰয়াস কৰিছিলো, যদি আমাৰ এই প্ৰয়াসত ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে আমাৰ এই সৎ উদ্দেশ্য তথা চেষ্টাক মাৰ্জনা কৰিব বুলি আমি আশা কৰিলো ।

সমূহ শুভাকাংক্ষী, দৰ্শক তথা আহ্বায়ক সমিতিলৈ বিনম্ৰ অনুৰোধ আমাৰ এই পদক্ষেপক সঁহাৰি জনাই ‘লভিতা’ নাটখনৰ ঠাইত আন এখন নাট প্ৰস্তুত কৰি উলিয়াবলৈ আমাক ন্যূনতম যিমান সময় লাগে তেতিয়ালৈকে আমাক সহযোগিতা আগবঢ়ায় যেন ।

বি:দ্ৰ:

১) মাত্ৰ এটাই অনুৰোধ একাংশলৈ, ৰাজনীতিৰ মেৰপাকৰ মাজলৈ আমাক টানি আনি আমাক অন্তৰত আঘাত নিদিয়ে যেন ।

২) একাংশ সংবাদ মাধ্যমলৈও অনুৰোধ আমাৰ বক্তব্য কিছুমানক কাটি কুটি এটা পৃথক অৰ্থ দিয়াৰ অপচেষ্টাই বিষয়টো আৰু গম্ভীৰ কৰি তুলিছে, সামাজিক দায়িত্ব সকলোৰে থাকে, আমাৰো আছে, আপোনালোকৰো আছে ।

শিলৰ ৰেখা বাক্যটো আচলতে আৱাহণৰ মঞ্চত চলি থকা নাটখনৰ সম্পৰ্কতহে কোৱা হৈছিল যে ৰাইজৰ মতামতৰ মতে আমি কৰি থকা নাটখন সালসলনি কৰিব নোৱাৰাৰ কোনো কথা নাই, তাকে একাংশ ৰাইজে যদি ভুল ভাবি আছে বিনম্ৰতাৰে তেখেতসকলক সম্পূৰ্ণ ভাষ্যটো এবাৰ চাই ল’বলৈ একান্ত অনুৰোধ জনালোঁ’’ ।

উল্লেখ্য যে, সততে বিৰ্তকৰ মাজত থকা অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ নাটক ‘লভিতা’খন বিকৃত ৰূপত দৰ্শকৰ আগত দাঙি ধৰাৰ বাবে ৰাইজৰ ৰোষত পৰিছিল নাট্যকাৰজন ৷ প্ৰায়েই বেলেগৰ নাটক নকল কৰা বুলি অভিযোগ উত্থাপন হোৱা নাট্যকাৰজনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল অসমবাসী ৷ ৰাজ্যৰ কেইবাঠাইটো নাটখন মঞ্চস্থ কৰাত বাধা দিছিল থিয়েটাৰৰ আয়োজক কৰ্তৃপক্ষই ৷

কিন্তু এই বিতৰ্কৰ মাজতে এক সংবাদমেলযোগে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই একেমুখেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতা নাটখন নহয় বুলি মন্তব্য কৰাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকখনৰ পৰা সম্পূৰ্ণৰূপে পৃথক অভিজিৎ ভট্টাচাৰ্যৰ ’লভিতা’ বুলি মত প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: Labhita Drama Controversy: গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক অপমানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

আৱাহনৰ ‘লভিতা’ নাটকখনে ৰূপজ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক স্পৰ্শ কৰা নাই বুলি মন্তব্য কৰে বিতৰ্কিত নাট্যকাৰজনে ৷ ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ(Drama of Jyoti Prasad Agarwala) কেইটামান চৰিত্ৰ অনুৰূপ ৰখা হৈছে বুলিও উল্লেখ কৰে অভিজিৎ ভট্টাচাৰ্যই ৷ জ্যোতি প্ৰসাদ আগৰৱালাৰ লভিতাৰ আলম লৈহে নাটকখন ৰচনা কৰা হৈছে বুলিও উল্লেখ কৰিছিল অভিজিৎ ভট্টাচাৰ্যই ৷

ইফালে নাটকখনত ‘ভাৰত মাতা কী জয়’ সংলাপ নতুনকৈ সংযোজন কৰাক লৈও সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰি নাট্যকাৰগৰাকীয়ে কৈছিল যে, ভাৰত মাতা কী জয়, বন্দে মাতৰম, জয় হিন্দ আদি শ্ল’গানৰ মাজত পাৰ্থক্য নাই ৷ ভাৰত মাতা কী জয় মন্তব্যৰ জৰিয়তে গেৰুৱাকৰণ অথবা কোনো ৰাজনৈতিক দলৰ সপক্ষে-বিপক্ষে ক’বলৈ বিচৰা হোৱা নাই ৷

উল্লেখ্য যে, জ্যোতিপ্ৰসাদৰ চতুৰ্থখন নাটক আছিল লভিতা (Jyoti Prasad Agarwala creation Lavita drama) ৷ ১৯৪৮ চনত প্ৰথম প্ৰকাশ পাইছিল নাটকখন ।

লগতে পঢ়ক: টিঙৰ পৰা নানামে অভিজিৎ ভট্টাচাৰ্য: প্ৰয়োজন হ’লে নাম সলাব নাটকৰ

Last Updated :Oct 15, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.