ETV Bharat / city

Labhita Drama Controversy: গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক অপমানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

author img

By

Published : Oct 13, 2022, 10:27 PM IST

গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক লভিতাক আৱাহন থিয়টাৰ মঞ্চয়ে বিকৃত কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ(Labhita Drama Controversy) ৷ লভিতা নাটকখন মূল চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি পৰাশৰ গৃহজিলা যোৰহাটতো ব্যাপক প্ৰতিবাদ ৷

Lavita Drama Controversy
গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক অপমান বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

যোৰহাট, 13 অক্টোবৰ: আৱাহন মঞ্চ আৰু অভিজিত ভট্টাচাৰ্য বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদৰ জোৱাৰ ৷ প্ৰস্তুতি পৰাশৰ গৃহ জিলা যোৰহাটতো যোৰহাট জনসাংস্কৃতিক পৰিষদ আৰু ড্ৰামা একাডেমীয়ে বৃহস্পতিবাৰে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, অসমীয়া জাতি গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসমীয়া সাহিত্য জগতৰ মহীয়ান গণশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অমৰ সৃষ্টি লভিতা ৷ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নাটকখন বিকৃত কৰি আৱাহন থিয়েটাৰত মঞ্চস্থ কৰাৰ অভিযোগ উঠিছে(Abhijit Bhattacharya Labhita drama controversy) ।

গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাক অপমান বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

জ্যোতিপ্ৰসাদ আগৰৱালাকে নহয় সমগ্ৰ অসমীয়া জাতিক চৰম অপমান কৰি বিকৃত ৰূপত অৱস্থান কৰা হ’ল গণশিল্পীগৰাকী লভিতা নাটকখনক । ফলত জ্যোতিপ্ৰসাদক চৰম অপমানে অসমীয়া জাতিক অপমান কৰাৰ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদৰ জোৱাৰ উঠিছে । আজি আৱাহন থিয়েটাৰ তথা লভিতা নাটকখন মূল চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি পৰাশৰ গৃহজিলা যোৰহাটতো ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জনসাংস্কৃতিক পৰিষদ আৰু ড্ৰামা একাডেমীয়ে ।

গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা কালজয়ী নাটক লভিতাক বিকৃতভাৱে প্ৰদৰ্শন কৰা আৱাহন থিয়েটাৰক অনতিপলমে বন্ধ কৰিবলৈ দাবী জনায় জনসাংস্কৃতিক পৰিষদ আৰু ড্ৰামা একাডেমীয়ে । তেওঁলোকে লগতে কাৰ সাহসত আৱাহন থিয়েটাৰে গণশিল্পীগৰাকীক অপমান কৰিবলৈ সাহস কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে । শীঘ্ৰে লভিতাক বিকৃতভাৱে প্ৰদৰ্শন কৰা কাৰ্য বন্ধ নকৰিলে বৃহৎ প্ৰতিবাদী কাযসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, গণশিল্পীগৰাকী নাটক লভিতাক আৱাহন থিয়টাৰ মঞ্চয়ে বিকৃত কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ জোৱাৰ উঠিছে । অসমীয়া জাতিক অপমান কৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য আৰু আৱাহন বিৰুদ্ধে প্ৰতিবাদী কন্ঠৰে সৰৱ হৈ পৰিছে অসমীয়া ৰাইজ । ইতিমধ্যে বিভিন্নজনে নাটকখনৰ প্ৰদৰ্শনী বন্ধ কৰাৰ লগতে নাট্যকাৰজনে(Playwrights Abhijit Bhattacharya) অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰিছে ৷

সমান্তৰালকৈ জগৰীয়া কৰিছে নাটকখন মঞ্চস্থ কৰা আৱাহন থিয়েটাৰ কৰ্তৃপক্ষকো ৷ ৰূপকোঁৱৰৰ সৃষ্টিক বিকৃত কৰি অভিজিৎ ভট্টাচাৰ্য নামৰ নাট্যকাৰজনে নিজকে নাটকখনৰ নাট্যকাৰ হিচাবে চিনাকি দিয়া নাটকখন আৱাহন থিয়েটাৰে মঞ্চস্থ কৰা কাৰ্যতো আশ্বৰ্য প্ৰকাশ কৰিছে ভিন্নজনে ৷

লগতে পঢ়ক: Labhita Drama Controversy: ডিব্ৰুগড়ত লভিতা নিষিদ্ধ গণনাট্য সংঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.