ETV Bharat / state

Z Plus security: মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

author img

By

Published : Oct 14, 2022, 9:32 PM IST

বৃদ্ধি কৰা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰক্ষা ব্যৱস্থা ৷ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ থাকিব জেড প্লাছ নিৰাপত্তা (CMs Z plus security) ৷ এই লৈ বিৰোধী পক্ষই কৰিছিল তীব্ৰ সমালোচনা (Assam CM security increased)৷ এই সমালোচনাৰ এইবাৰ প্ৰত্যুত্তৰ দিছে শাসকীয় পক্ষই ৷

EZ Plus security
মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

গুৱাহাটী, ১৪ অক্টোবৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰাপত্তা আগবঢ়োৱা বিষয়টোক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে শাসকীয় পক্ষই (Criticism over CMs Z plus security) । উল্লেখ্য যে, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আগবঢ়াইছে জেড প্লাছ নিৰাপত্তা (Z plus security given to Assam CM)। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে লাভ কৰিছিল জেড পৰ্যায়ৰ নিৰাপত্তা । ইয়াক লৈ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী ।

মুখ্যমন্ত্ৰীৰ জেড প্লাছ নিৰাপত্তাক লৈ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ শাসক পক্ষৰ

বিৰোধীৰ সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে, জেড প্লাছ সুৰক্ষাৰ বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিবেচনাৰ বিষয় । ইয়াক অসমৰ কাৰোবাৰ পি এছ অ'ৰ লগত তুলনা কৰিবলৈ যোৱাটো মূৰ্খামি ।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশজুৰি জনপ্ৰিয়তা আছে ৷

যাৰ ফলত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ তেওঁ লক্ষ্য হোৱাৰো সন্দেহ আছে । সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ । কিছুদিন পূৰ্বে হায়দৰাবাদত হোৱা এটা ঘটনাৰ পাচতে মুখ্যমন্ত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সকলো দিশ চালি-জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, কোনোবাই যদি ইয়াৰ বিৰোধিতা কৰিছে, তেন্তে তেওঁ ৰাজনৈতিক বিৰোধিতাৰ বাবেই বিৰোধিতা কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ বাবে ঈৰ্ষাৰ কাৰণ হ'ব পাৰে বুলি তেওঁ কয় । আনহাতে, বিধায়ক দিগন্ত কলিতাই কয় যে, এইটো মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত নহয়, এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ সিদ্ধান্ত ।

যিসকল বিধায়কে এই কথা কৈছে তেওঁলোকে কিয় ৩-৪ জন নিৰাপত্তাৰক্ষী লৈ ঘূৰি ফুৰে । নিজে নিৰাপত্তাৰক্ষী লৈ ঘূৰি-ফুৰি মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন কৰে বুলি তেওঁ বিৰোধী বিধায়কক কটাক্ষ কৰে ।

লগতে পঢ়ক : Z Plus security: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.