ETV Bharat / international

Coal Mine Blast : কয়লা খনি বিস্ফোৰণ হৈ 25 জনৰ মৃত্যু, বহু লোক আৱদ্ধ

author img

By

Published : Oct 15, 2022, 9:52 AM IST

উত্তৰ তুৰ্কীৰ এটা কয়লা খনিৰ ভিতৰত সংঘটিত হোৱা বিস্ফোৰণত 25 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো কৰ্মী আৱদ্ধ হৈ আছে (25 dead in Turkish coal mine blast)৷

25 dead many trapped in Turkish coal mine blast
Coal mine blast: কয়লা খনি বিস্ফোৰণ হৈ 25 জনৰ মৃত্যু, বহু লোক আৱদ্ধ

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 অক্টোবৰ: তুৰ্কীত ভয়ংকৰ কয়লা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Turkish coal mine blast)৷ শুকুৰবাৰে উত্তৰ তুৰ্কীৰ এটা কয়লা খনিৰ ভিতৰত বিস্ফোৰণ হোৱাত 25 জন নিহত হোৱাৰ লগতে কেইবাজনো কৰ্মী আৱদ্ধ হৈ আছে (25 dead in Turkish coal mine blast)৷

জানিব পৰামতে শুকুৰবাৰে সন্ধিয়া প্ৰায় 5.45 বজাত কয়লা খনিটোৰ ভিতৰত অগ্নিৰ সূত্ৰপাত হৈ এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোৰ ফলত কয়লাখনিটোৰ ভিতৰত থকা প্ৰায় 25 লোক মৃত্যু হৈছে ইয়াৰ বিপৰীতে এতিয়াও বহু কৰ্মী খনিৰ ভিতৰত আৱদ্ধ হৈ আছে (Many trapped in Turkish coal mine blast)৷

দেশখনৰ শক্তিমন্ত্ৰী ফাতিহ ডনমেজে (Energy Minister Fatih Donmez) এই ঘটনা সন্দৰ্ভত জনায় যে এতিয়ালৈ প্ৰাথমিক তদন্তত অগ্নিকাণ্ডৰ ফলতেই এই বিস্ফোৰণ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বিস্ফোৰণৰ সময়ত খনিটোত 110 গৰাকী লোকে কাম কৰি আছিল ( 110 people in mine explosion)৷

এই ঘটনা হোৱাৰ পাছতে উদ্ধাৰকাৰী দল উপস্থিত হৈ অধিকসংখ্যক কৰ্মীক খনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ পাছতো প্ৰায় 49 গৰাকী কৰ্মী বিপদশংকুল অৱস্থাত (49 were trapped inhigher risk area)আৱদ্ধ হৈ আছিল ৷

তুৰ্কী দুৰ্যোগ ব্যৱস্থাপনা সংস্থা এ এফ এ ডিয়ে 17 জনক আহত অৱস্থাত উদ্ধাৰ কৰি 8 সংকটজনক অৱস্থা উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ ইতিমধ্যে তুৰ্কী প্ৰশাসনে ঘটনালস্থলীত এতিয়াও আৱদ্ধ হৈ থকা কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ কেইবাটাও উদ্ধাৰকাৰী দল নিয়োজিত কৰিছে ৷

আহত কৰ্মীয়ে ঘটনা সন্দৰ্ভত জনায় যে কাম কৰি থকাৰ সময়তে তেওঁলোকে প্ৰথমে এক চাপৰ অনুভৱ কৰিছিল ৷ তাৰ অলপ সময়ৰ পাছতে খনিৰ ভিতৰত ধূলি আৰু ধোঁৱাৰে একো নেদেখা হৈ পৰিছিল ৷ লগে লগে কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2014 চনত পশ্চিম তুৰ্কীৰ চোমা চহৰৰ সংঘটিত হোৱা কয়লা খনিৰ বিস্ফোৰণত 301 লোক অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লৈছিল ৷

লগতে পঢ়ক: Kyiv area hit by Iranian kamikaze drones: ইউক্ৰেইনৰ ৰাজধানীত ইৰাণী কামিকাজে ড্ৰোনৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.