IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Oct 15, 2022, 7:58 AM IST

Updated : Oct 15, 2022, 8:50 AM IST

Student from Assam found dead in IIT Kharagpur hostel

বহিঃৰাজ্যত পুনৰ অসমৰ ছাত্ৰৰ মৃত্যু ৷ খড়গপুৰ IIT অধ্যয়ণৰত ছাত্ৰজনৰ নাম ফাইজান আহমেদ (Assam Student found dead in IIT Kharagpur)৷

তিনিচুকীয়া, 15 অক্টোবৰ : পুনৰ বহিঃৰাজ্যত অসমৰ ছাত্ৰৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে (Assam student death in IIT Kharagpur)৷ শুকুৰবাৰে পশ্চিম বংগৰ আই আই টি খড়গপুৰৰ (IIT kharagpur) লালা লাজপত ৰয় ছাত্ৰাবাসত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত ছাত্ৰজন তিনিচুকীয়া জিলাৰ চান্দমাৰি তিনিআলিৰ ফাইজান আহমেদ (23) বুলি জানিব পৰা গৈছে (Tinsukia boy found dead in IIT Kharagpur)৷

জানিব পৰা মতে, ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷

তাৰ পিছতে তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগেলগে সহপাঠীসকলে আই.আই.টিৰ ছাত্ৰাবাসৰ নিৰাপত্তাৰক্ষীসকলক ঘটনাটো অৱগত কৰোৱায় ৷

সহপাঠীৰ ভাষ্য অনুসৰি ফাইজানে বাস কৰা ছাত্ৰাবাসৰ কোঠাটোত কেইবাদিনৰ পৰা দুৰ্গন্ধ ওলাই আছিল ৷ নিৰাপত্তাৰক্ষীয়ে খড়গপুৰ নগৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত জনায় ৷ খড়গপুৰ আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ ফাইজানৰ মৃতদেহ উদ্ধাৰ কৰে ৷

ইয়াৰ পাছতে হিজলি আউট পোষ্টৰ আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো খড়গপুৰ উপ-বিভাগীয় চিকিৎসালয়লৈ লৈ যায় ৷ ইতিমধ্যে ফাইজানৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, ফাইজান আই আই টিৰ মেকানিকেল ইঞ্জিনীৰিঙৰ (Mechanical Engineering Student) তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল ৷

ঘটনাস্থলীত খড়পুৰ আৰক্ষী (Kharagpur Police Station) উপস্থিত হৈ আত্মহত্যা নে হত্যাৰ বলি হৈ ফাইজানে মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে এতিয়ালৈ ফাইজানৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিব পৰা নাই ৷ আৰক্ষীয়ে জনোৱা অনুসৰি মৰোণোত্তৰ পৰীক্ষাতহে ফাইজানৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি মত প্ৰকাশ কৰে ৷

আই আই টিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা মৃত ছাত্ৰজনৰ পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে যদিও পৰিয়ালৰ সদস্যসকল এতিয়াও খড়গপুৰত উপস্থিত হোৱা নাই ৷ লক্ষণীয় যে খড়গপুৰ আইআইটিৰ ছাত্ৰ-ছাত্ৰীসকলে অতীতত কেইবাবাৰো মানসিক হতাশাৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লোৱাৰ ঘটনা সংঘটিত হৈছিল ৷

লগতে পঢ়ক: 5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

Last Updated :Oct 15, 2022, 8:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.