ETV Bharat / state

Class 10th half yearly exam: দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত অথন্তৰ

author img

By

Published : Oct 14, 2022, 8:15 PM IST

মাজুলী আৰু যোৰহাট জিলাত হঠাৎ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা (Hardship in class 10th half yearly examination) ৷ কিয় বাতিল হ’ল এই পৰীক্ষা সেই বিষয়ে অজ্ঞ বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীও ৷ ইফালে এই সন্দৰ্ভত টুলুঙা মন্তব্য প্ৰদান কৰিছে বিদ্যালয়ৰ পৰিদর্শকে ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে দুই জিলা ছাত্ৰ সন্থা ৷

Hardship in class 10th half yearly examination
দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত অথন্তৰ

মাজুলী/যোৰহাট, 14 অক্টোবৰ : হঠাৎ আহিল এটা খবৰ ৷ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা (Hardship in class 10th half yearly examination) ৷ চাৰিওফালে লাগি গ’ল হুলস্থূল ৷ কোনে, কিয় বাতিল কৰিলে দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা ৷

দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত অথন্তৰ

প্ৰাপ্ত তথ্য অনুসৰি, দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত লাগিছে অথন্তৰ ৷ যোৰহাট জিলাৰ লগতে মাজুলী জিলাতো ইতিমধ্যে পৰীক্ষা চলি থকাৰ মাজতে বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা । যোৰহাট তথা মাজুলী জিলাৰ দায়িত্বত থকা বিদ্যালয় পৰিদর্শকৰ এটা নিৰ্দেশতে 13 অক্টোবৰৰ দিনা বাতিল হয় দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা ।

Hardship in class 10th half yearly examination
হঠাৎ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা

উল্লেখ্য যে, বিদ্যালয় অধ্যক্ষৰ লগতে শিক্ষাৰ্থীয়েও পৰীক্ষা অনুষ্ঠিত হ’বলৈ মাত্ৰ এঘণ্টা বাকী থকা সময়তহে পৰীক্ষা বাতিলৰ কথা জানিব পাৰিছিল ৷ কিন্তু কিয় পৰীক্ষা বাতিল হ’ল এই বিষয়ে অজ্ঞ শিক্ষাৰ্থী তথা বিদ্যালয় কৰ্তৃপক্ষ । বাতৰি যুগুত কৰা পৰলৈকে এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই শিক্ষা বিভাগৰ তৰফৰ পৰা ।

Hardship in class 10th half yearly examination
হঠাৎ বাতিল হ’ল ছয়মাহিলী পৰীক্ষা

ইফালে বিদ্যালয়ৰ পৰিদর্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে 24 ঘণ্টা উকলি যোৱাৰ পাচতো এই সন্দৰ্ভত একো নাজানে বুলিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ লগতে তেওঁ কাৰিকৰী কাৰণতে পৰীক্ষা বাতিল হোৱা বুলি দায় সৰা মন্তব্য কৰে । উল্লেখ্য যে, কেৱল মাজুলী আৰু যোৰহাট জিলাতহে বাতিল হৈছে এই বিজ্ঞানৰ পৰীক্ষা ।

আনহাতে, এই পৰীক্ষা বাতিল হোৱা বিষয়ক লৈ গৰজি উঠিছে মাজুলী জিলা ছাত্ৰ সন্থা ৷ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ বিভাগীয় কৰ্তৃপক্ষক এক প্ৰকাৰে সকিয়নী দিছে মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷ দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ ক্ষেত্ৰত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এক বিবৃতি যোগে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে কয়, ‘‘যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ে বছেৰেকত দুটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱৰা বিষয়টো চৰম পৰিতাপ আৰু লজ্জাজনক বিষয় ৷

যি সময়ত চৰকাৰে বিদ্যালয়ে বিদ্যালয়ে গুণোৎসৱ আয়োজন কৰি গুণগত শিক্ষাৰ কথা কৈছে, নতুন শিক্ষা নীতিৰ সৈতে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে সমানে খোজ দিব পৰাৰ এটা উন্নত শৈক্ষিক পৰিৱেশৰ কথা কৈছে, সেই সময়তেই এটা সামান্য পৰীক্ষা অনুষ্ঠিত কৰাত অসমৰ্থ শিক্ষা বিভাগ ৷ আচলতে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ প্ৰতি ই হেঙাৰ হৈ থিয় দিছে’’ ৷

লগতে পঢ়ক : President Program at Kalakhetra: শিক্ষাক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ আহ্বান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.