ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 25, 2022, 11:00 AM IST

TOP 10 at 11 am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

অৰুণাচলৰ টিপ্পিত ভূমিস্খলন

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং টিপ্পিত ভয়ংকৰ ভূমিস্খলন ৷ কামেং নদীত উটি গ’ল কেইবাখনো বাহন (Landslide in Arunachal Pradesh)

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ খহিল টানেল

ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ পাহাৰৰ মাটি খহি ভাগি পৰিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল (Tunnel collapses at Namoni Subansiri hydropower project site) ৷

নলবাৰী পৌৰসভাৰ পাৰিষদৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিলে গোচৰ

নলবাৰী পৌৰসভাখনৰ ৮ নং ৱাৰ্ডৰ পাৰিষদৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷ পাৰিষদগৰাকীৰ পত্নীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগত তৰিলে এই গোচৰ(Wife files case against Nalbari municipality Councillor) ।


কাহিলীপুৱাতেই অঘটন; ৰে’লৰ খুন্দাত নিহত মুকবধিৰ যুৱক

মহালয়াৰ উলহ মালহৰ মাজতেই কলিয়াবৰত অঘটন (Train hits a man at Kaliabor) ৷ কলিয়াবৰত দেওবাৰে কাহিলীপুৱাতেই শিলঘাট টাউন-গুৱাহাটী পেছেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় এজন মুকবধিৰ যুৱক (Man died at Koliabor) ৷ কলিয়াবৰৰ কামাখ্যা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত জি এছ টি ইন্টেলিজেন্সৰ অভিযান

কৰ ফাঁকিৰ অভিযোগত জিলাখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাখন গাট্ৰানিৰ বাসগৃহত ডাইৰেক্টৰত জেনেৰেল অফ জি এছ টি ইন্টেলিজেন্সৰ দলৰ অভিযান (Raids on Makhan Gattranis residences )৷

আজি মহালয়া: ধৰালৈ আগমন দেৱী দুৰ্গাৰ

আজি মহালয়া (Mahalaya celebrated in Jorhat) । ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ । ধৰালৈ দেৱী আগমনৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাইজ ওলোৱা অহা পৰম্পৰা বিগত দিন ধৰি চলি আহিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিছে অসংখ্য লোক ৷ যাৰবাবে পুৱাৰে পৰা এক নান্দনিক পৰিবেশে বিৰাজ কৰিছে যোৰহাট নগৰৰ গড়আলিত । একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈছে যোৰহাট জিলা ৷ প্ৰাতঃভ্ৰমণৰ লগতে মা দুৰ্গা নাম আৰাধনাত কৰাও দেখা গ’ল যোৰহাটৰ জীয়ৰী-বোৱাৰীক । এইবাৰ দেৱীয়ে হাতীত যাত্ৰা কৰা ফলত শস্যপূৰ্ণা বসুন্ধৰাই শুভ বাৰ্তা কঢ়িয়াই আনিছে ।

মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, দৰ্শকৰ বাবে মুকলি কৰিলে কাজিৰঙা

2022-2023 বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি জীপ চাফাৰীও কৰে সদগুৰুৱে (Spiritual guru Sadhguru in Kaziranga)৷


চিৰাঙৰ আমটেকাৰত উদ্ধাৰ প্ৰায় এমহীয়া এটা হাতীৰ পোৱালী

শনিবাৰে বিয়লি চিৰাঙৰ আমটেকাৰত উদ্ধাৰ হয় এটা এমহীয়া হাতীৰ পোৱালী ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা বনাঞ্চলৰ অন্তৰ্গত বান্ধুগুৰী গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটোক (Elephant Calf Rescued in Chirang) ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীৰে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় এমাহ ৷

সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সমাপ্ত হয় 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ৷ এই ফুটবল খেলখনত অসম ৰাইফলছক পৰাস্ত কৰি দুলীয়াজানৰ অ’ইল ইণ্ডিয়া ফুটবল ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে (Oil India Duliajan win Independence Cup football) ।


দিল্লীত বাহৰ পাতি গেৰুৱা হোৱাৰ প্ৰস্তুতি কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰৰ !

প্ৰায়েই চৰ্চালৈ আহে পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ(Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ ৷ এই কথাই পুনৰ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীত বাহৰ পাতি বিজেপিত যোগদানৰ কুচকাৱাজ আৰম্ভ কৰা বুলিয়েই এইবাৰ খবৰ ওলাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.