অৰুণাচলৰ টিপ্পিত ভূমিস্খলন

author img

By

Published : Sep 25, 2022, 10:25 AM IST

Updated : Sep 25, 2022, 11:56 AM IST

Landslide in  Arunachal Pradesh

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং টিপ্পিত ভয়ংকৰ ভূমিস্খলন ৷ কামেং নদীত উটি গ’ল কেইবাখনো বাহন (Landslide in Arunachal Pradesh)

তেজপুৰ, ২৫ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং টিপ্পিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে (Landslide at Tippi) ৷ অত্যাধিক বৰষুণৰ ফলত টিপ্পি জলপ্ৰপাত সমীপত শনিবাৰে বিয়লি ৪ বজাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Landslide in Arunachal Pradesh ) ৷

এই ভূমিস্খলনৰ ঘটনাৰ ফলত কেইবাখনো যান বাহনৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কামেং নদীত কেইবাখনো বাহন উটি যায়(Natural disaster in North east)৷ ভূমিস্খলন হোৱা এলেকাৰ পৰা ১০ কিলোমিটাৰ দূৰত এখন মাৰুতি চুজুকি, অল্ট’ গাড়ী, এখন বলেৰ’ পিকআপ আৰু এখন খালী তেল টেংকাৰ উটুৱাই নিয়াৰ কথা পশ্চিম কামেঙৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে (Road closed for landslide) ।

আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি কোনো ধৰণৰ হতাহতি হোৱা নাই ৷ উটি যোৱা তিনিখন গাড়ীৰ চালক, হেণ্ডিমেন আৰু সকলো যাত্ৰীৰ প্ৰাণ কথমপি ৰক্ষা পৰে ৷

অৰুণাচলৰ টিপ্পিত ভূমিস্খলন

এই ভূমিস্খলনৰ বাবে বৰ্তমানো বন্ধ হৈ আছে ভালোকপং-চাৰিদুৱাৰ-টাৱাং পথ । আনহাতে অহৰহ সংঘটিত হৈ থকা ভূমিস্খলনৰ বাবে বালিপাৰা-চাৰদুৱাৰ-টাৱাং (BCT) পথ ব্যৱহাৰ কৰা যাত্ৰীসকলক ওৰাং-কালকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং (OKSRT) পথেৰে যাবলৈ পৰামৰ্শ দিয়া হৈছে ৷

উল্লেখ্য যে, টিপ্পী জলপ্ৰপাতৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান আঁতৰত থকা নেচিফু সুৰংগ নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: নলবাৰী পৌৰসভাৰ পাৰিষদৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিলে গোচৰ

Last Updated :Sep 25, 2022, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.