আজি মহালয়া: ধৰালৈ আগমন দেৱী দুৰ্গাৰ

By

Published : Sep 25, 2022, 8:38 AM IST

thumbnail

আজি মহালয়া (Mahalaya celebrated in Jorhat) । ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ । ধৰালৈ দেৱী আগমনৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাইজ ওলোৱা অহা পৰম্পৰা বিগত দিন ধৰি চলি আহিছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো পৰম্পৰা ৰক্ষা কৰি মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিছে অসংখ্য লোক ৷ যাৰবাবে পুৱাৰে পৰা এক নান্দনিক পৰিবেশে বিৰাজ কৰিছে যোৰহাট নগৰৰ গড়আলিত । একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈছে যোৰহাট জিলা ৷ প্ৰাতঃভ্ৰমণৰ লগতে মা দুৰ্গা নাম আৰাধনাত কৰাও দেখা গ’ল যোৰহাটৰ জীয়ৰী-বোৱাৰীক । এইবাৰ দেৱীয়ে হাতীত যাত্ৰা কৰা ফলত শস্যপূৰ্ণা বসুন্ধৰাই শুভ বাৰ্তা কঢ়িয়াই আনিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.