চিৰাঙৰ আমটেকাৰত উদ্ধাৰ প্ৰায় এমহীয়া এটা হাতীৰ পোৱালী

By

Published : Sep 24, 2022, 9:31 PM IST

thumbnail

শনিবাৰে বিয়লি চিৰাঙৰ আমটেকাৰত উদ্ধাৰ হয় এটা এমহীয়া হাতীৰ পোৱালী ৷ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা বনাঞ্চলৰ অন্তৰ্গত বান্ধুগুৰী গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটোক (Elephant Calf Rescued in Chirang) ৷ চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীৰে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় এমাহ ৷ তথ্য অনুসৰি, শনিবাৰে বিয়লি প্ৰায় দুই বজাত ভূটান সীমান্তৰ বান্ধুগুৰী গাঁৱৰ ৰাইজে টাকলাই নৈৰ পানীত উটি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে হাতী পোৱালিটোক ৷ তাৰ পাচতে গঞা ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় পোৱালিটোক (Villagers in Chirang rescued an Elephant Calf) ৷ হাতীৰ পোৱালিটো উদ্ধাৰ কৰি গঞা ৰাইজে আমটেকা বনবিভাগৰ লোকক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ লোকৰ লগতে এটা পশু চিকিৎসকৰ দল ৷ চিকিৎসকৰ দলটোৱে আমটেকা বনাঞ্চলিক কাৰ্যালয়ত হাতীৰ পোৱালিটোক চিকিৎসা প্ৰদান কৰাৰ লগতে গাখীৰ তথা কিছু পানীয় খাদ্য খোৱাই ৷ বৰ্তমান চিকিৎসকৰ নিৰিক্ষণত ৰখা হৈছে উদ্ধাৰ হোৱা প্ৰায় এমহীয়া বয়সৰ হাতীৰ পোৱালিটোক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.