মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, দৰ্শকৰ বাবে মুকলি কৰিলে কাজিৰঙা

author img

By

Published : Sep 24, 2022, 8:57 PM IST

মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, মুকলি কৰিলে কাজিৰঙা

2022-2023 বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলে সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি জীপ চাফাৰীও কৰে সদগুৰুৱে (Spiritual guru Sadhguru in Kaziranga)৷

গোলাঘাট, 24 ছেপ্টেম্বৰ: শনিবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2022-2023 বৰ্ষৰ বাবে মুকলি কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন ।

শনিবাৰে কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত অনুষ্ঠিত হৈ থকা চিন্তন শিৱিৰত সদগুৰু জগদীশ বাসুদেৱৰ প্ৰবচনৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ গেটত স্থাপন কৰা এশিঙীয়া গঁড়ৰ প্ৰতিকৃতি উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰু জগদীশ বাসুদেৱে । একেটা অনুষ্ঠানতে 2022-2023 বৰ্ষৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে দুয়োগৰাকীয়ে (Kaziranga national park reopened)।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতেই জীপ চাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰুৱে (Sadhguru jeep safari in Kaziranga)। জীপ ছাফাৰীৰ সময়ত জীপ চালকৰ ৰূপত দেখা যায় সদগুৰু জগদীশ বাসুদেৱক আৰু সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীক কাষত লৈ জীপ চলালে সদগুৰুৱে, মুকলি কৰিলে কাজিৰঙা

কাজিৰঙাৰ মিহিমুখত স্থাপন কৰা দুটা গড় আৰু এটা পোৱালি গঁড়ৰ প্ৰতিকৃতিয়ে পূৰ্বতে চোৰাং চিকাৰীৰ হাতত নিধন হোৱা গড়ৰ স্মাৰকৰূপে সূচাই থাকিব (Rhino statue in Kaziranga)। কিয়নো 2021 বৰ্ষৰ 23 ছেপ্তেম্বৰত বোকাখাটত বিভাগে জব্দ কৰি সংৰক্ষণ কৰি ৰখা বহুসংখ্যক গঁড়ৰ খৰ্গ জ্বলাই দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গড়ৰ খৰ্গ জ্বলোৱা 130 কেজি ছাঁইৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ গেটত দুটা প্ৰাপ্তবয়স্ক গঁড় আৰু এটা গঁড়ৰ পোৱালিৰ প্ৰতিকৃতি নিৰ্মাণ কৰা হৈছিল ।

উল্লেখ্যে যে, আজিৰে পৰা তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত হৈছে চিন্তন শিবিৰ (Chintan Shivir in Kaziranga)৷ অসমৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সু-পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই শিবিৰ ৷ প্ৰথম দিনৰ কাৰ্যসূচীত সদগুৰু জগদীশ বাসুদেৱে প্ৰবচন আগবঢ়ায় ৷ আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰত ৰবি শংকৰে প্ৰবচন আগবঢ়াব ।

লগতে পঢ়ক: তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.