তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

author img

By

Published : Sep 24, 2022, 4:43 PM IST

Chintan Sibir at Kaziranga

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হৈছে চিন্তন শিবিৰ (Chintan Sibir held at Kaziranga) । এই শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়া ৷

গোলাঘাট, ২৪ ছেপ্টেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে আজি অৰ্থাৎ শনিবাৰৰ পৰা কাজিৰঙাত অনুষ্ঠিত হৈছে চিন্তন শিবিৰ (Chintan Sibir at Kaziranga) । অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সু-পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে এই নৱ চিন্তা-চৰ্চাৰে ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ কৰা হয় চিন্তন শিবিৰৰ (Chintan Sibir held at Kaziranga) ।

কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

কাজিৰঙাৰ বৰগছত আৰম্ভ হোৱা চিন্তন শিবিৰত বাতৰি যুগুত কৰা পৰলৈকে উপস্থিত হৈছেহি ৰাজ্যৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ উপৰিও অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়-ববীয়াসকল (Chintan Sibir in Assam) । এই চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

আনকি এই চিন্তন শিবিৰত উপস্থিত হয় সদ্ গুৰু । শনিবাৰে অৰ্থাৎ আজি সদ্ গুৰুৱে আগবঢ়াব বহু মূল্যবান প্ৰবচন (Sadhguru to participate in Chintan Sibir) । ইয়াৰ উপৰিও দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰ তাৰিখে শ্ৰী শ্ৰী ৰবি শংকৰেও আগবঢ়াব প্ৰবচন ।

তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত এই চিন্তন শিবিৰত উপস্থিত থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ ।

লগতে পঢ়ক : 24 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.