নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ খহিল টানেল

author img

By

Published : Sep 25, 2022, 9:04 AM IST

Updated : Sep 25, 2022, 2:38 PM IST

Tunnel collapses again at Namoni Subansiri hydropower project site

ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ পাহাৰৰ মাটি খহি ভাগি পৰিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল (Tunnel collapses at Namoni Subansiri hydropower project site) ৷

জোনাই, ২৫ ছেপ্টেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভূমিস্খলন ৷ অৰুণাচল পাহাৰত হৈ থকা মুলষুধাৰ বৰষুণৰ ফলত পাহাৰ খহি দেওবাৰে পুৱা প্ৰকল্পস্থলীৰ বাঁও পাৰৰ 2 নং টানেলৰ ওপৰৰ বৃহৎ অংশ ভাগি পৰে(Tunnel collapses at Namoni Subansiri hydropower project site) ৷

ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম (lower Subansiri hydropower project) । ইতিমধ্যে প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে । বিশ্বস্ত সূত্ৰ মতে, আগন্তুক বছৰত উক্ত প্ৰকল্প মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এইবাৰ ৰুষ্ট প্ৰকৃতিয়ে বাধা দিয়া জলবোমা নিৰ্মাণকাৰী সংস্থা NHPC-ক ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ খহিল টানেল

নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত । এইবাৰ পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydropower project site) ।

কিন্তু উল্লেখযোগ্য কথাটো হৈছে, প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে যদিও NHPC-এ প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই ৷ শেহতীয়াভাৱে অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলতে শনিবাৰে ২ নং টানেলৰ বাঁও পাৰৰ উক্ত অংশটো ভাঙি পৰে ।

মন কৰিবলগীয়া যে ১৮৯৭ চনত দাৰ্জিলিঙত ১৩০ মেগাৱাট শক্তি সম্পন্ন বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ যোগেদি ভাৰতবৰ্ষত জলবিদ্যুৎ শক্তি উৎপাদনৰ পাতনি মেলা হৈছিল ৷ ভাৰতবৰ্ষত জলবিদ্যুৎ উৎপাদনৰ মুঠ সম্ভাৱনীয়তা ৮৪,০৪৪ মেগাৱাট ৷ ইয়াৰে ৩১,৮৬৪ মেগাৱাট অৰ্থাৎ ভাৰতবৰ্ষৰ ৩৮% উত্তৰ-পূৰ্বাঞ্চলত বিদ্যমান ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অকল অৰুণাচল প্ৰদেশৰ জলবিদ্যুতৰ সম্ভাৱনীয়তা ২৬,৭৫৬ মেগাৱাট, যিটোৰ অৱদান হ’ল সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৮৪% আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ৩২% ৷

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেদি বৈছে পানী

Last Updated :Sep 25, 2022, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.