নলবাৰী পৌৰসভাৰ পাৰিষদৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিলে গোচৰ

author img

By

Published : Sep 25, 2022, 10:30 AM IST

Updated : Sep 25, 2022, 2:12 PM IST

wife-files-case-against-husband-in-nalbari

নলবাৰী পৌৰসভাখনৰ ৮ নং ৱাৰ্ডৰ পাৰিষদৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷ পাৰিষদগৰাকীৰ পত্নীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগত তৰিলে এই গোচৰ(Wife files case against Nalbari municipality Councillor) । অন্য যুৱতীৰে অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত পত্নীৰ হাতত হাতে-লোটে ধৰা পৰে নলবাৰীৰ পৌৰসভাৰ পাৰিষদগৰাকী ৷

নলবাৰী, ২৫ ছেপ্টেম্বৰ: নলবাৰী পৌৰসভাৰ পাৰিষদৰ বিৰুদ্ধে গোচৰ ৰুজু পত্নীৰ । নলবাৰী পৌৰসভাখনৰ ৮ নং ৱাৰ্ডৰ পাৰিষদ ইমৰাণ হুছেইনৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত শনিবাৰে নিশা গোচৰ তৰিলে পত্নীয়ে (Case against Nalbari municipality Councillor) । পত্নী আৰু পুত্ৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ পাৰিষদগৰাকীৰ বিৰুদ্ধে (Wife files case against Nalbari municipality Councilor) ।

উল্লেখ্য যে, নিজ ঘৰতে ইমৰাণ হুছেইন অন্য যুৱতীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাতে হাতে লোটে ধৰা পেলাই পত্নীয়ে ৷ এই ঘটনাৰ পিছতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় দুই স্বামী-স্ত্ৰী ৷ তাৰ পিছতে দুয়োৰে মাজত সৃষ্টি হয় সংঘাত । এই ঘটনা সন্দৰ্ভত পত্নীয়ে নলবাৰী আৰক্ষী থানাত ৰুজু কৰে গোচৰ ৷

ইফালে ঘটনা সন্দৰ্ভত শনিবাৰে নিশাৰ ভাগতে নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাৰিষদ ইমৰাণ হুছেইনক (Nalbari police arrest Councilor) । সম্প্ৰতি আৰক্ষীৰ জিন্মাত নলবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ইমৰাণ হুছেইন।

স্মৰ্তব্য যে ইমৰাণ হুছেইনে বিজেপিৰ সমৰ্থনত অগপ দলৰ পৰা নলবাৰী পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল ।

লগতে পঢ়ক: বকোৰ শান্তিপুৰত ভয়ংকৰ ঘটনাঃ পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ

Last Updated :Sep 25, 2022, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.