ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 4, 2022, 10:57 AM IST

Updated : Feb 4, 2022, 11:16 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

Covid 19 Update in Assam: ৰাজ্যত পুনৰ 1,019 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

ৰাজ্যত ক’ভিডত আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 96.99% ৷ ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 7,19,939 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,518 গৰাকীলৈ বৃদ্ধি পাইছে(Covid Death toll in Assam) ৷

বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেবীক আদৰিবলৈ সাজু হোজাইবাসী

ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে সৰস্বতী পূজাৰ প্ৰস্তুতি (Saraswati puja preparation in Assam)। হোজাইৰ মৃন্ময় শিল্পীসকলো ব্যস্ত হৈ পৰিছে । অৱশ্যে সৰস্বতী পূজা পূৰ্বৰ দৰে আয়োজন হ'ব নে নাই তাকলৈ এতিয়াও চিন্তিত শিল্পীসকল ।

Child rape at Kalgachia: 40 বছৰীয়া পুৰুষৰ কামনাৰ বলি এটি তিনি বছৰীয়া কণমানি

বৰপেটা জিলাৰ কলগাছিয়াত এটি তিনি বছৰীয়া নিষ্পাপ শিশুক ধৰ্ষণ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাঁওপুৰ গাঁৱত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা (child rape at Kalgachia) ৷ ৪০ বছৰীয়া তথা চাৰিটাকৈ সন্তানৰ পিতৃ আমজাদ আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

Miram's return gives hope to another family: ৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম

কিছুদিন পূৰ্বে অৰুণাচলৰ এজন যুৱকক চীনা সৈন্যই অপহৰণ কৰি নিয়া ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই অৰুণাচল প্ৰদেশৰে আন এক অপহৰণৰ ঘটনা পোহৰলৈ আহিছে (Miram's return gives hope to another family) ৷

Encounter in Golaghat: এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত

এইবাৰ গোলাঘাটত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Golaghat) ৷ গোলাঘাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল চোৰাং চিকাৰী ৷ কিছুদিন পূৰ্বে কাজিৰঙাত উদ্ধাৰ হোৱা মৃত গড়টোৰ হত্যাকৰী আছিল একাউন্টাৰত নিহত আব্দুল চৈয়দ ৷

কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

ৰাজ্যৰ শেহতীয়া কেইবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া(Chief Minister Himanta Biswa Sharma reacts ) ।

Panchayat member as drugs dealer: ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত এইবাৰ পঞ্চায়তৰ সদস্য

ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত এইবাৰ পঞ্চায়তৰ সদস্য (Panchayat member as drugs dealer) ৷ ৰাজ্যত নিৰন্তৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷

Rajya Sabha election: কোনো পৰিস্থিতিতে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ভূপেন বৰা

চলিত বৰ্ষৰ ২ এপ্ৰিলত সমাপ্ত কংগ্ৰেছৰ দুজনকৈ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল ৷ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হ'লে এই দুখন আসনত বহিব কোন ? তাক লৈ ৰাজনীতিত চলিছে গুণা-গাথা ৷ পিছে এইবেলি ভূপেন বৰা নহয় ৰাজ্যসভাৰ নিৰ্বাচনী প্ৰাৰ্থী (Bhupen Bara will not contest RS polls under any terms) ৷

Mission against poachers: বিশ্বনাথত নকল খড়্গসহ চোৰাং চিকাৰী আটক

চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে (Mission against poachers)৷ ইয়াৰ মাজতে ৭০ লাখ টকাত নকল খড়্গ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ছটা বেপাৰী ৷

Shiladitya dev on Sherman Ali: শ্বেৰমান আলিক এইবাৰ থকা-সৰকা শিলাদিত্য দেৱৰ

চৈয়দ মহম্মদ ছাদুল্লাৰ পুনৰ জন্ম হ’ল (Muhammed Saadulah)৷ ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এইবাৰ জন্ম হ’ল শ্বেৰমান আলিৰ ৰূপত (Sherman Ali controversy) ৷

Last Updated :Feb 4, 2022, 11:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.