ETV Bharat / city

Rajya Sabha election: কোনো পৰিস্থিতিতে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ভূপেন বৰা

author img

By

Published : Feb 3, 2022, 9:08 PM IST

চলিত বৰ্ষৰ ২ এপ্ৰিলত সমাপ্ত কংগ্ৰেছৰ দুজনকৈ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল ৷ ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হ'লে এই দুখন আসনত বহিব কোন ? তাক লৈ ৰাজনীতিত চলিছে গুণা-গাথা ৷ পিছে এইবেলি ভূপেন বৰা নহয় ৰাজ্যসভাৰ নিৰ্বাচনী প্ৰাৰ্থী (Bhupen Bara will not contest RS polls under any terms) ৷ পঢ়ক সবিশেষ...

bhupen-bara-is-not-a-candidate-for-rajya-sabha-elections-2022
কোনো পৰিস্থিতিতে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ভূপেন বৰা

গুৱাহাটী, 3 ফেব্ৰুৱাৰী : চলিত বৰ্ষতেই ৰাজ্যসভাৰ দুখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব (Rajya Sabha election 2022)। পিছে এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত কোনো চৰ্ততে আৰু কোনো পৰিস্থিতিতে প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Assam Cong president will not contest RS polls under any terms) ৷ এইকথা প্ৰদেশ কংগ্ৰছৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ৷

বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই এটা বিবৃতিযোগে কয় যে, মাৰ্চত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈ শাসকীয় দলৰ একাংশই পৰিকল্পিতভাৱে অপপ্ৰচাৰ চলাই আহিছে ৷ লগতে কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোনো পৰিস্থিতিতে ৰাজ্যসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাই ৷ একাংশই ৰাজনৈতিক চক্ৰান্তৰে চলোৱা এনে প্ৰচাৰক ভিত্তিহীন, মিছা আৰু উদ্দেশ্য প্ৰণোদিত বুলিও সভাপতিগৰাকীয়ে এই বাৰ্তা যোগে সদৰি কৰে ৷

ইয়াৰোপৰি, বিবৃতিটোত মুখপাত্ৰ গৰাকীয়ে কয় যে, নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভূপেন কুমাৰ বৰাক দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অসমৰ দায়িত্ব অর্পণ কৰিছে । ব্যাপক হাৰত সদস্য ভৰ্তিৰ বাবেও সভাপতি ভূপেন কুমাৰ বৰাই ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এনে সময়ত দলৰ ভেটি শক্তিশালী ৰূপত গঢ়াটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ।

তেওঁ কয় যে সভাপতি বৰাই নিজেই অনুভৱ কৰে যে ৰাজ্যসভাৰ দৰে সদনৰ বাবে তেওঁতকৈ জ্যেষ্ঠ আৰু অভিজ্ঞ কংগ্ৰেছ নেতা প্ৰদেশ কংগ্ৰেছত বহু আছে । সেয়ে ৰাজনৈতিক প্ৰতিপক্ষই দলটোৰ নেতা-কর্মী সকলক বিচলিত কৰিবলৈ এনে ধৰণৰ অপপ্ৰচাৰ কৌশলেৰে চলাই আছে । তেওঁ বিবৃত্তিটোত কয় যে, ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেয়া উপযুক্ত সময়ত দলে ঘোষণা কৰিব ।

লগতে পঢ়ক : Mission against poachers: বিশ্বনাথত নকল খড়্গসহ চোৰাং চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.