ETV Bharat / state

কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

author img

By

Published : Feb 3, 2022, 11:04 PM IST

ৰাজ্যৰ শেহতীয়া কেইবাটাও বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া(Chief Minister Himanta Biswa Sharma reacts ) । আইন ভাঙিলে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিব পাৰো । হৰ্ছট্ৰেডিঙৰ যিটো কৰিব লাগে সেইটো আগতেই হৈ আছে । এইটো হৰ্ছট্ৰেডিং নহয়, এইটো দীঘলীয়া বিনিয়োগ । ৮ৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত পৌৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব । গুৱাহাটীত বৰ্ত্তমান সময়ত মেট্ৰ' ৰেলৰ কোনো প্ৰাসংগিকতা নাই । সহযোগ নিধিৰ টকা বিজেপিৰ সদস্যৰ বাহিৰে কোনেও দিয়া নাই । আৰক্ষীয়ে 'এনকাউণ্টাৰ' নকৰে আৰক্ষীয়ে 'ষ্ট্ৰং একচন' গ্ৰহণ কৰে । পলাতক মৃদুপৱন নেওগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অজ্ঞতা প্ৰকাশ ।

CM Himanta on Sherman Ali
কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: বিধায়ক শ্বেৰমান আলীয়ে সস্তিয়া জনপ্ৰিয়তা লাভৰ বাবে কিছু কাম কৰি থাকে । এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sharma reacts )। উল্লেখ যে সদায়ে বিতৰ্কত থকা বিধায়ক শ্বেৰমান আলীয়ে এইবাৰ সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটি নিজেই উভালি বিতৰ্কৰ সূচনা কৰিছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বেৰমান আলীয়ে সস্তিয়া জনপ্ৰিয়তা লাভৰ বাবে কিছু কাম কৰি থাকে । কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ এটা প্ৰতিযোগীতা চলিছে । সংখ্য‍ালঘু সম্প্ৰদায়ৰ লোকক কোনে কিমান ভাল পায় তাকলৈ কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত প্ৰতিযোগীতা চলি আছে । গতিকে তেওঁলোকৰ প্ৰতিযোগীতাৰ ওপৰত আমি মত‍ামত দিয়াৰ কোনো অৰ্থ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আইন ভাঙিলে আমি যিখিনি কৰিব লাগে সেইখিনি কৰিব পাৰো ।

কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

সত্ৰৰ মাটিত যদি সঁচাই কোনোবা বহি আছে তেন্তে মৃনাল শইকীয়া নাইবা প্ৰদীপ হাজৰিকা কমিটীয়ে প্ৰতিবেদন দিয়াৰ পাছত চৰকাৰে যি ব্যৱস্থা ল'ব লাগে সেয়‍ ল'ব । সকলো কথাতে সদায় প্ৰতিক্ৰিয়া দি থাকিলে প্ৰতিক্ৰিয়া অব্যাহত থাকিব । যিটো কৰিব লাগে আমি কামেৰে দেখুৱাই দিম বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । শ্বেৰমান আলী পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পোষ্ট এটা ভাঙি পেলোৱাটো জামিন বিহীন গ্ৰেপ্তাৰৰ গোচৰ নহয় । গ্ৰেপ্তাৰ কৰিলেও পুনৰ লগে লগে জামিন পাই ওলাই আহিব । তেওঁক এনেকুৱা গোচৰত গ্ৰেপ্তাৰ কৰিব লাগিব যাতে তেওঁ দুই-তিনি মাহৰ কাৰণে ওলাই আহিব নোৱাৰে । উচ্ছেদ কৰাৰ ক্ষেত্ৰত যদি তেওঁ আৰক্ষীক বাধা দিব বিচাৰে তেতিয়া গোচৰটো ভাল হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনকলৈ বিধায়ক কিনা-বেচা তথা হৰ্ছট্ৰেডিং কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে হৰ্ছট্ৰেডিঙৰ যিটো কৰিব লাগে সেইটো আগতেই হৈ আছে । এইটো হৰ্ছট্ৰেডিং নহয়, এইটো মোৰ দীঘলীয়া বিনিয়োগ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । তেওঁ কয় যে ২০০১ চনৰ পৰাই মই মন্ত্ৰী হৈ আছো আৰু তেতিয়াৰ পৰাই মই বিনিয়োগ কৰি আহিছো । বিনিয়োগ মানে টকা-পইচাৰ বিনিয়োগ নহয় । ব্যক্তিগত সম্পৰ্ক তথা বিপদে-আপদে কৰি অহা সহায় আদিৰ যোগেদি ২০০১ চনৰ পৰাই দীঘলীয়া বিনিয়োগ কৰা আছে । গতিকে ৰাজ্যসভা নিৰ্বাচন বুলি কৰিবলগীয়া একো নাই । এইবাৰৰ এইটো নিৰ্বাচন ঠাণ্ডা হৈ যাব, কোনো হুলস্থূল নহয় । এতিয়ালৈকে নিৰ্বাচনৰ দিনেই ঠিক হোৱা নাই ।

আনহাতে পৌৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে ৮ৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত পৌৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব । কেবিনেটে প্ৰস্তাৱ লৈছে যে ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে নিৰ্বাচন ঘোষণা কৰিব লাগে । য‍াতে বিধানসভাৰ পূৰ্বে নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় । বিধানসভাৰ অধিবেশন হ'ব ১৪ মাৰ্চৰ পৰা । এতিয়া ৰাজ্যসভাৰ নহয় পৌৰ নিগমৰ নিৰ্বাচনহে আহিব ।

আনহাতে পলাতক হৈ থকা মৃদুপৱন নেওগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰি তেওঁক চিনি নাপাও বুলি উল্লেখ কৰে । প্ৰসংগ ক্ৰমে তেওঁ কয় যে আৰক্ষীয়ে 'এনকাউণ্টাৰ' নকৰে আৰক্ষীয়ে 'ষ্ট্ৰং একচন' গ্ৰহণ কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ ফ্লাই অ'ভাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে টেণ্ডাৰ ইতিমধ্যে হৈ গৈছে । কোনোবা এটা দিনত কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাদকাৰীক নিমন্ত্ৰণ জনাই তেওঁৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হ'ব । গুৱাহাটীৰ বশিষ্ঠ, গড়চুক আদি সকলো ক্ৰছিঙতে ফ্লাই অ'ভাৰ নিৰ্মাণ কৰা হ'ব । এপ্ৰিলৰ ভিতৰত কাম আৰম্ভ হ'ব বুলি আশা কৰা হৈছে ।

ইফালে গুৱাহাটীত মেট্ৰ' ৰেল প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত বৰ্ত্তমান সময়ত মেট্ৰ'ৰেলৰ কোনো প্ৰাসংগিকতা নাই । ইয়াত মেট্ৰ'ৰেল চলালেও টকাই সংগ্ৰহ নহ'ব । বৰ্তমান পৰিস্থিতিত মেট্ৰ'ৰেলৰ খৰচ বহন কৰিব পৰাকৈ যাত্ৰীৰ পৰা টিকটৰ মূল্য নোলাব । কম দূৰত্বত ইয়াৰ ভাড়া বহন কৰটো সম্ভৱ নহ'ব । গুৱাহাটী মহানগৰীৰ পৰিসৰ বৃদ্ধি হ'লেহে মেট্ৰ'ৰেলৰ প্ৰসংগিকতা আহিব তথা থাকিব ।

বিজেপিৰ সহযোগ নিধিক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, সহযোগ নিধিৰ টকা বিজেপিৰ সদস্যৰ বাহিৰে কোনেও দিয়া নাই । যদি কোনোৱাই দিছে তেন্তে তেওঁক সন্মান সহকাৰে ওভতাই দিয়া হ'ব । বিজেপিৰ সদস্য তথা কৰ্মকৰ্তাই যদি কোনো ব্যৱসায়ী নাইবা অন্য লোকৰ পৰা পইচা লৈছে তেন্তে ঘূৰাই দিয়া হ'ব । তেওঁ কয় যে এইটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা পুঁজি।

লগতে পঢ়ক: FIR against Sherman Ali: প্ৰথমবাৰৰ বাবে আৰক্ষী থানাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.