ETV Bharat / city

Covid 19 Update in Assam: ৰাজ্যত পুনৰ 1,019 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

author img

By

Published : Feb 4, 2022, 9:00 AM IST

Covid 19 Update in Assam
ৰাজ্যত পুনৰ 1,019 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

ৰাজ্যত ক’ভিডত আৰোগ্য হোৱা লোকৰ হাৰ হৈছে 96.99% ৷ ৰাজ্যত ক’ৰণাত আক্ৰান্তৰ সংখ্যা 7,19,939 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,518 গৰাকীলৈ বৃদ্ধি পাইছে(Covid Death toll in Assam) ৷

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : ৰাজ্যত বৃহস্পতিবাৰে পুনৰ নতুনকৈ 1,019 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 19 গৰাকী লোকৰ(Covid Positive Cases in Assam) ৷ ইয়াৰ লগতে ৰাজ্যত ক‘ৰণাত আক্ৰান্তৰ সংখ্যা 7,19,939 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 6,518 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সক্ৰিয় হৈ আছে 13,786 গৰাকী লোক(Covid active Cases in Assam) ৷ পজিটিভিটি হাৰ হৈছে 3.04% ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

বৃহস্পতিবাৰে কামৰূপ মহানগৰীত সৰ্বাধিক 238 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত 60 গৰাকী, কামৰূপ গ্ৰাম্যত 57 গৰাকী আৰু বৰপেটাত 46 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত ৷ আনহাতে, কাছাৰ, দৰং, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ, নলবাৰীত 2 গৰাকীকৈ আৰু বৰপেটা, বিশ্বনাথ, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁৱত 1 গৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত বৰ্তমানলৈকে 2,79,51,987 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে ৷ ইয়াৰে 7,19,939 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 96.99% ৷ আনহাতে, বৰ্তমানলৈ 4,16,21,584 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : Encounter in Golaghat: এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.