ETV Bharat / state

Miram's return gives hope to another family: ৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম

author img

By

Published : Feb 3, 2022, 10:41 PM IST

Kidnapped By PLA
৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম

কিছুদিন পূৰ্বে অৰুণাচলৰ এজন যুৱকক চীনা সৈন্যই অপহৰণ কৰি নিয়া ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই অৰুণাচল প্ৰদেশৰে আন এক অপহৰণৰ ঘটনা পোহৰলৈ আহিছে (Miram's return gives hope to another family) ৷ সাত বছৰৰ পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ৷ য’ত তাপৰ পুলম নামৰ এজন লোকক চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ পিছত এই পৰ্যন্ত লোকজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

তেজপুৰ, ৩ ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ মিৰাম টেৰণ চীনৰ পি এল এ সৈন্যৰ কৱলৰ পৰা মুকলি হৈ অহাৰ পিছত এতিয়া ৰাজ্যখনৰ চি-য়মী জিলাৰ ৭ বছৰ পূৰ্বে চীনা সৈন্যই লৈ যোৱাৰ ঘটনা পোহৰলৈ আহিছে (Kidnapped By PLA)। ৭ বছৰ পূৰ্বে ২০১৫ চনত ভাৰত-চীন সীমান্ত চি-য়মী জিলাৰ মনিগং গাঁৱৰ তাপৰ পুলম নামৰ এজন লোকক চীনা সৈন্যই সীমান্তৰ তাগি বগু পাছ নামৰ ঠাইৰ পৰা পুলমকলৈ যোৱা অভিযোগ উত্থাপিত কৰিছে তাপৰ পুলমৰ বোৱাৰী আমনি দিৰোৱে (Miram's return gives hope to another family) ৷

ঘটনা অনুসৰি পুলমৰ বন্ধু তা'ক য়ৰচিৰ লগত ২০১৫ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত চিকাৰৰ বাবে গৈছিল আৰু দুয়োজন আগষ্ট মাহৰ ২১ তাৰিখে ঘূৰি অহাৰ কথা আছিল যদিও কেৱল তা'ক য়ৰচিহে ঘূৰি আহিল (Tapor Pulom had gone hunting in Tagi Bogu Pass) । প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে এই কথা সেনা আৰু পুলিচৰ ভয়ত ৰাজহুৱা কৰা হোৱা নাছিল । পৰৱৰ্তী সময়ত তাপৰ পুলমে চিকাৰ কৰিবলৈ যোৱা স্থানত পৰিয়ালৰ লোক উপস্থিত হৈ এটা কেম্পত খাদ্য বনোৱা দুখন চামুচ, কিছু পৰিমাণৰ চিকাৰ কৰি অনা শুকান মাংস দেখিবলৈ পায় । ইয়াৰোপৰি তাপৰ পুলমে ব্যৱহাৰ কৰা এটা জেকেট আৰু চিকাৰ কৰা বন্দুকটোও উদ্ধাৰ কৰা হয় বুলি বোৱাৰীয়েক আমনি দিৰোৱে ইটিভি ভাৰতক জানিবলৈ দিয়ে ।

৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম

নিৰুদ্দিষ্ট তাপৰ পুলমৰ বন্ধুয়ে পৰিয়ালক জনায় যে, চীনা সৈন্যৰ কেইজনমান লোকে পুলমক মুখত কাপোৰ বান্ধি কোনো কথা ক’বলৈ নিদিয়াকৈ ধৰি লৈ যায় ৷ তাৰ পিছত দিৰো আৰু পৰিয়ালৰ লোকে আলো অঞ্চলত থকা ভাৰতীয় সেনাক সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে ৷ ঘটনাৰ বিষয়ে জনাৰ পিছত সেই বছৰৰে ডিচেম্বৰ মাহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰি ঘটনা সম্পৰ্কে লিখিত আবেদন জনায়(Union Minister Kiren Rijiju) । বৰ্তমান আইন বিভাগত অধ্যয়ন কৰি থকা নিৰুদ্দিষ্ট অৰুণাচলী লোকজনৰ বোৱাৰী দিৰোয়ে শেহতীয়াকৈ অন্য এজন অৰুণাচলী যুৱকক চীনা সৈন্যই মুকলি কৰি দিয়াত তাপৰ পুলমৰ সন্দৰ্ভত পুনৰ চৰকাৰলৈ আবেদন জনাইছে ।

আনহাতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে এই ঘটনা সম্পৰ্কে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক এখন পত্ৰ প্ৰেৰণ কৰাৰ কথা জনায় ইটিভি ভাৰতক । আমনি দিৰোৱে লগতে কয় যে, চৰকাৰে তেওঁৰ শহুৰেকৰ বিষয়ে আলোচনা কৰি পৰিয়ালক উত্তৰ দিব লাগে যে তাপৰ পুলমক চীনা সৈন্যই মৃত্যুদণ্ড দিলে নেকি ? যদি দিয়া নাই তেন্তে তেওঁক ঘূৰাই আনিব লাগে ৷ বিগত সাতটা বছৰে তেওঁলোক এক বৃহৎ মানসিক সমস্যাৰ মাজত আছে ৷ আনহাতে ইতিমধ্যে পুলমৰ পত্নীৰো মৃত্যু হৈছে ।

লগতে পঢ়ক: Encounter in Golaghat: এইবাৰ গোলাঘাটত এনকাউন্টাৰ, চোৰাং চিকাৰী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.