ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Aug 10, 2022, 1:11 PM IST

Top 10 at 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

Azadi ka Amrit Mahotsav: স্বাধীনতাৰ সুগন্ধিৰে নজহা-নপমা মহীয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ১৯৩২ চনৰ আইন অমান্য আন্দোলন (Civil Disobedience Movement of 1932) আৰু ১৯২০-২১ চনৰ অসহযোগ আন্দোলনতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল । আনহাতে, অসম বিধানসভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ স্বাধীন ভাৰতত ৰাজনীতিত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় ।

Azad ka Amrit Mahotshav: হাতত AK-47 লৈ উগ্ৰপন্থীৰ মাজত ত্ৰাস সৃষ্টি কৰা মহিলা IPS গৰাকী

স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ ক্ষণত আমি অসমৰে এগৰাকী মহিলাৰ বিষয়ে আলোকপাত কৰিব খুজিছোঁ ৷ তেওঁ হ’ল ড৹ সংযুক্তা পৰাশৰ (IPS Sanjukta Parashar) ৷ এইগৰাকী আই পি এছ বিষয়া এসময়ত অসমৰ উগ্ৰপন্থী সংগঠন সমূহৰ বাবে ত্ৰাসৰ কাৰণ আছিল ৷ হাতত AK-47 লৈ গভীৰ অৰণ্যত উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি তেওঁ সমগ্ৰ দেশতেই পৰিচিত হৈ পৰিছিল ৷

Assistant Professor commits suicide: যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহনন

যোৰহাটৰ আগশাৰী মহাবিদ্যালয়ৰ এজন অধ্যাপকে বাছি ল’লে আত্মহনন দৰে পথ । শিক্ষাৰ দৰে এক পৱিত্ৰ বৃত্তিৰ লগত জড়িত লোকজনৰ আত্মহননৰ ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ(Jorhat Bahona College Assistant Professor commits suicide) ৷ বৰ্তমানেও জানিব পৰা হোৱা নাই অধ্যাপকজনৰ আত্মহনন কাৰণ ।

Bike rally to create awareness: বৰপেটাৰোডত বিশাল বাইক ৰেলী

স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মঙলবাৰে বৰপেটাৰোডত বিজেপি দলে এক বিশাল বাইক ৰেলী উলিয়াই(Bike rally to create awareness)। বৰপেটাৰোড, গোৱৰ্ধনা আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা বিজেপিৰ বাইক ৰেলীত অংশ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Assam Assembly Estimates Committee: হোজাই জিলা ভ্ৰমন বিধানসভাৰ এষ্টিমেট সমিতিৰ

তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে হোজাইত উপস্থিত হয় অসম বিধানসভাৰ এষ্টিমেট সমিতি ৷ হোজাইত উপস্থিত হৈ অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত নিৰ্মাণৰত প্ৰকল্পসমূহ পৰিদৰ্শন কৰে সমিতিয়ে(Assam Assembly Estimates Committee visits Government Scheme) ৷

Corruption in health department: ৰোগীৰ পৰীক্ষা-নিৰীক্ষাৰ নামত নগাঁৱত চলিছে দালালৰাজ

নগাঁৱৰ স্বাস্থ্য বিভাগত ব্যাপক দালালৰাজ চলাৰ অভিযোগ (Corruption in the health department in Nagaon)। একাংশ চিকিৎসক, নাৰ্চ আৰু আশাকৰ্মীৰ বিৰুদ্ধে উঠিছে কমিছনৰ অংকত ব্যস্ত থকাৰ অভিযোগ । নগাঁও চহৰত থকা লেবৰেটৰীত চলে চিকিৎসাৰ নামত কমিছনৰাজ (Corruption in Nagaon civil hospital) ।

Job for sports person: কষ্ট কৰি খেলা যুৱক-যুৱতীক সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান প্ৰণিতা চুতীয়াৰ মাতৃৰ

‘‘যুৱক-যুৱতী কিছুমানে কষ্ট কৰি খেল খেলে । খেলৰ বিনিময়ত তেওঁলোকক মেডেল আৰু চাৰ্টিফিকেটসমূহ দিয়ে । এই বিলাকে তেওঁলোকক উৎসাহিতহে কৰে । জীৱনৰ পিছৰ সময়চোৱা অতি কষ্টৰে পাৰ কৰিব লগা হয় । সেয়ে এই যুৱক-যুৱতী সকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে’’ ।

Assam Mizoram border dispute: অক্টোবৰত হ’ব দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মঙলবাৰে মিজোৰামত অনুষ্ঠিত হয় অসম আৰু মিজোৰামৰ মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠক (Assam Mizoram meeting)৷ অসমৰ হৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল উপস্থিত থাকে এই বৈঠকত ৷ আনহাতে এই বৈঠকত মিজোৰাম চৰকাৰৰ হৈ অংশ লয় গৃহমন্ত্ৰী লালচাম লাইনাই ৷

Azadi Ka Amrit Mahotsav: অসমৰ কনিষ্ঠ শ্বহীদ কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণিপাত...

দেশ স্বাধীন হোৱা 75 বছৰ পূৰ্ণ হ’ল (75th Anniversary of Indian Independence) ৷ আজিও ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে কনকলতা বৰুৱাৰ নাম (Freedom fighter Kanaklata Baruah)৷ অসমৰ কনিষ্ঠ শ্বহীদগৰাকীৰ গাঁথাৰে আজিৰ এই বিশেষ প্ৰতিবেদন...

Aamir Khan 'nervous': উদ্বেগজনিত সমস্যাত ভূগিছে আমীৰ, শোৱা নাই 48 ঘণ্টা

নাৰ্ভাছ হৈ আছে আমীৰ খান ৷ ১১ আগষ্টত অভিনেতাজনৰ আগন্তুক ছবি লাল সিং চাড্ডাই মুক্তি লাভ কৰিব ৷ এতিয়া ছবিখনৰ মুক্তিৰ পূৰ্বে উদ্বেগত ভূগি আছে Mr Perfectionist ৷ নিজৰ অনুভৱ শ্বেয়াৰ কৰি অভিনেতাজনে কয় যে তেওঁ টোপনি নোযোৱা 48 ঘণ্টা পাৰ হ’ল ৷ এই উদ্বেগৰ সৈতে মোকাবিলা কৰিবলৈ আমীৰে অনলাইনত কিতাপ পঢ়িছে নতুবা দবা খেলিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.