ETV Bharat / city

Assistant Professor commits suicide: যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহনন

author img

By

Published : Aug 10, 2022, 1:08 PM IST

যোৰহাটৰ আগশাৰী মহাবিদ্যালয়ৰ এজন অধ্যাপকে বাছি ল’লে আত্মহনন দৰে পথ । শিক্ষাৰ দৰে এক পৱিত্ৰ বৃত্তিৰ লগত জড়িত লোকজনৰ আত্মহননৰ ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ(Jorhat Bahona College Assistant Professor commits suicide) ৷ বৰ্তমানেও জানিব পৰা হোৱা নাই অধ্যাপকজনৰ আত্মহনন কাৰণ ।

Assistant Professor commits suicide
যোৰহাটৰ আগশাৰী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহনন

যোৰহাট, 10 আগষ্ট: যোৰহাটৰ আগশাৰীৰ মহাবিদ্যালয়ৰ এজন অধ্যাপকে বুধবাৰে আত্মহনন কৰা ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলৰ মাজত । অধ্যাপকজন যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অমৰজ্যোতি দেৱনাথ(Assistant Professor of Jorhat Bahona College) ৷ ঘৰ যোৰহাটৰ লুৰুকীহাতত ৷ নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে অমৰজ্যোতি দেৱনাথে ৷

Assistant Professor commits suicide
যোৰহাটৰ আগশাৰী মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহনন

অমৰজ্যোতি দেৱনাথ বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপকৰূপে কৰ্মৰত আছিল । অমৰজ্যোতি দেৱনাথে কি কাৰণত আত্মহননৰ পথ বাছি ল’লে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : FIR Lodged: নিকলছ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে ফটাশিল থানাত এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.