Aamir Khan in Laal Singh Chaddha: উদ্বেগজনিত সমস্যাত ভূগিছে আমীৰ, শোৱা নাই 48 ঘণ্টা

author img

By

Published : Aug 10, 2022, 11:14 AM IST

Updated : Aug 10, 2022, 4:17 PM IST

Aamir Khan

নাৰ্ভাছ হৈ আছে আমীৰ খান ৷ ১১ আগষ্টত অভিনেতাজনৰ আগন্তুক ছবি লাল সিং চাড্ডাই মুক্তি লাভ কৰিব ৷ এতিয়া ছবিখনৰ মুক্তিৰ পূৰ্বে উদ্বেগত ভূগি আছে Mr Perfectionist ৷ নিজৰ অনুভৱ শ্বেয়াৰ কৰি অভিনেতাজনে কয় যে তেওঁ টোপনি নোযোৱা 48 ঘণ্টা পাৰ হ’ল ৷ এই উদ্বেগৰ সৈতে মোকাবিলা কৰিবলৈ আমীৰে অনলাইনত কিতাপ পঢ়িছে নতুবা দবা খেলিছে ।

চিটাৰা ডেস্ক, 10 আগষ্ট : বলীউড অভিনেতা আমীৰ খান সম্প্ৰতি ব্যস্ত হৈ আছে তেওঁৰ আগন্তুক ফেমিলি এণ্টাৰটেইনাৰ লাল সিং চাড্ডাৰ প্ৰচাৰত (Aamir Khan in Laal Singh Chaddha)। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত 3 ইডিয়টছ ফেম অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে ছবিখনৰ বাবেই যোৱা ৪৮ ঘণ্টা ধৰি তেওঁ টোপনি যাব পৰা নাই (Aamir Khan latest news)।

আমীৰে কয়, "মই এতিয়া বহুত নাৰ্ভাছ অনুভৱ কৰি আছো, ৪৮ ঘণ্টা ধৰি মই শোৱা নাই । মই ধেমালি কৰা নাই, মই শুব পৰা নাই । মোৰ মগজুত একেটা কথাই ঘূৰি আছে, গতিকে মই কিতাপ পঢ়ো বা অনলাইনত দবা খেলো । মই একেবাৰে ১১ আগষ্টৰ পিছতহে শুব পাৰিম" ৷

১১ আগষ্টত ছবিখন মুক্তি পোৱাৰ পিছত তেওঁ কি কৰিব বুলি সোধাত আমীৰে কয়, "নিশ্চয়কৈ মই ১১ তাৰিখৰ পিছত শুম, মই ভাবো মই আৰু অদ্বৈত চন্দন শান্তিৰে শুম আৰু... তাৰ পিছত যেতিয়া আমি সাৰ পাম, দৰ্শকে আমাক ক'ব যে তেওঁলোকে আচলতে ছবিখন ভাল পালেনে নে নাই । সাৰ পোৱাৰ পিছত আমি আৱিষ্কাৰ কৰিম" ৷

লগান অভিনেতাগৰাকীয়ে অনুৰাগীৰ পৰা প্ৰতিক্ৰিয়া লাভ কৰাৰ প্ৰসংগত কয়, "মই বিভিন্ন চিনেমাহল ঘূৰি ফুৰো, ছবি এখনৰ প্ৰতি দৰ্শকৰ প্ৰকৃত প্ৰতিক্ৰিয়া চাবলৈ । কিন্তু দৰ্শকে নাজানে যে মই হলত উপস্থিত থাকো । প্ৰথম সপ্তাহতে মই বিভিন্ন চহৰ আৰু বিভিন্ন চিনেমাহল ভ্ৰমণ কৰি দৰ্শকৰ স্বচ্ছ প্ৰতিক্ৰিয়া জানিব বিচাৰো" ৷

অভিনয়ৰ লগতে ছবিখন প্ৰযোজনা কৰা খানে লগতে আৰু কয়, "এইয়া চিনেমাহল এটাৰ লুকাই থকা ঠাইডোখৰৰ ওপৰত নিৰ্ভৰ কৰে য’ৰ পৰা মই দৰ্শকৰ প্ৰকৃত সঁহাৰি লাভ কৰিবলৈ সক্ষম হওঁ ৷ ইয়াৰ জৰিয়তে মই দৰ্শকৰ মনৰ ভাৱ স্পষ্টকৈ দেখিবলৈ পাওঁ ৷ যদি দৰ্শকে জানে যে মই হলত উপস্থিত আছো, তেতিয়া হয়তো তেওঁলোকৰ প্ৰতিক্ৰিয়া বেলেগ হ'ব পাৰে, কিন্তু মই জনসাধাৰণৰ পৰা স্বাভাৱিক সঁহাৰি পোৱাটো বিচাৰো" ৷

অদ্বৈত চন্দনৰ নিৰ্মাণ কৰা লাল সিং চাড্ডা হৈছে ১৯৯৪ চনত নিৰ্মিত একাডেমী বঁটা বিজয়ী ছবি ‘Forrest Gump’ৰ অফিচিয়েল হিন্দী অভিযোজন, য’ত টম হেংকছক (Tom Hanks) মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । ১১ আগষ্টত মুক্তি পাবলগীয়া ছবিখনত কৰীণা কাপুৰ খান, মনা সিং আৰু নগা চৈতন্যকো দেখিবলৈ পোৱা যাব (Laal Singh Chaddha cast) ।

লগতে পঢ়ক : Laal Singh Chaddha trailer: ‘লাল সিং চাড্ডা’ৰ ট্ৰেইলাৰ মুকলি

Last Updated :Aug 10, 2022, 4:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.