ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jun 25, 2022, 1:07 PM IST

top-10-at-1-pm
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

একনাথ সিন্দেক প্ৰত্যাহ্বান জগদীশ ভূঞাৰ

ৰাজ্যৰ অৰ্ধ তৃতীয়াংশ লোক বানৰ কবলত জীৱন মৃত্যুৰ লগত যুঁজি থকাৰ সময়তে ৰাজ্যখনত একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকে জাতীয় দল সংগঠনৰ চকু কঁপালত তুলিছে ৷ টুইটযোগে একনাথ সিন্দেক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (Jagadish Bhuyan tweet on Eknath Shinde) ৷

ভাৰতীয় চুখয় যুঁজাৰু বিমানত আকাশ মাৰ্গত ইউ এ ইৰ বায়ুসেনাই যোগান ধৰিলে ইন্ধন

আন্তৰ্জাতিক পৰ্যায়ত ভাৰত ইউ এ ইৰ আছে এক মধুৰ সম্পৰ্ক । এইবাৰ ইয়াৰে প্ৰতিফলন ঘটিল আকাশ মাৰ্গত। ইজিপ্তলৈ যাওঁতে চুখই এছ ইউ-৩০এম কে আই যুঁজাৰু বিমানত ইন্ধন যোগান । এক টুইতত ইউ এ ইৰ বায়ু সেনাক ধন্যবাদ আই এ এফৰ(IAF)।

বিদ্ৰোহী বিধায়কলৈ ঠাকৰেৰ শৰ: জাৰি কৰা হ’ব জাননী

শিৱসেনাৰ নেতা অজয় চৌধুৰীয়ে দলীয় অনুশাসন ভংগ কৰাৰ বাবে দলটোৰ 16 জন বিধায়কৰ বিৰুদ্ধে অযোগ্য ঘোষণা কৰাৰ দাবী কৰি বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জিৰৱালেৰ ওচৰত এখন আবেদন দাখিল কৰিছিল(Shiv Sena to send notices to rebels MLAs) দলটোৱে । শিৱসেনাৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে বিয়লি বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জীৰৱালক সাক্ষাৎ কৰি এই বিষয়ত বৈঠকত মিলিত হয় ৷ প্ৰায় ছয় ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত 16 জন সদস্যক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয় ।

নৃশংস ! দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক

মৰিয়নী নকছাৰি খাটিচোনাত দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক (One family death) ৷ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে মাতৃ, কন্যা আৰু পিতৃৰ মৃতদেহ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১ কোটিতকৈ অধিক গৃহ আৱন্টন

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) অধীনত ১২২.৬৯ লাখ ঘৰ আৱন্টন । ৬১ লাখতকৈও অধিক গৃহ সম্পূৰ্ণ (61 lakh houses completed pm awas yojana)। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(নগৰ)ৰ সপ্তম বাৰ্ষিকীত তথ্য় প্ৰকাশ চৰকাৰৰ ।

27 জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

27 জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে এই কথা ৷

শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ

ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ এক বিশেষ ঘোষণা আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ । শিক্ষা মন্ত্ৰীৰ শিক্ষকসকলক অনাশৈক্ষিক কামত ব‍্যৱহাৰ কৰিলে কি ক্ষতি হয় সেই বিষয়ত মুকলি বিতৰ্কৰ আহ্বানক প্ৰত‍্যাহ্বান জনালে অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে(Assam Rajik Teachers Conference supports Education Minister announcement) ।

আমি মূৰ্খ নহয় ! জনাঞ্চলক বনাঞ্চল ঘোষণাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

"যদি আমি সকলোৱে মিলি চৰকাৰ বনাব পাৰো তেনেহ'লে আমি সকলোৱে মিলি চৰকাৰ ওফৰাই পেলাবও পাৰো ৷ জনবসতি থকা অঞ্চলত সংৰক্ষিত বনাঞ্চল কৰাৰ সিদ্ধান্তক আমি গৰিহনা দিছো ৷" কলিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ প্ৰকাশৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজ (Protest Against Proposed Reserve Forest at Kaliabor)৷

শিহৰণকাৰী ! হাতত প্ৰকাণ্ড অজগৰ

কৰিমগঞ্জৰ বদৰপুৰত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰক লৈ উত্তেজনা (Python rescued in Badarpur)৷ বানৰ আতংকৰ মাজতে বদৰপুৰৰ নাহাপুৰ গাঁৱত উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ সাপ (Flood at Badarpur)৷ অজগৰটোক লৈ বানাক্ৰান্ত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় ৷ লগে লগে স্থানীয় এজন সাহসী যুৱকে সাপটোক উদ্ধাৰ কৰি বদৰপুৰ বন বিভাগৰ হাতত চমজাই দিয়ে ৷ মোবাইলৰ কেমেৰাত বন্দী হয় এই শিহৰণকাৰী দৃশ্য ৷

এদিনৰ দৰমহাৰে বানাক্ৰান্তলৈ সাহাৰ্য শিক্ষক সমাজৰ

ৰাজ্যজুৰি ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি (Assam floood 2022)৷ হোজাই জিলাৰ লংকাৰ ভালুকমাৰী অঞ্চলৰ বানাক্ৰান্তসকললৈ সহায়ৰ হাত স্থানীয় শিক্ষক সমাজৰ (Local teachers offers flood releif)৷ ভালুকমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে এদিনৰ দৰমহাৰ ধনেৰে জিলাখনৰ আঢ়ৈ শতাধিক দুভৰ্গীয়া বানাক্ৰান্ত পৰিয়ালক খাদ্য-সামগ্ৰী আগবঢ়ায় (Flood at Bhalukmari)৷ উল্লেখ্য যে, যোগীজান ৰে'ল লাইনত আশ্ৰয় গ্ৰহণ কৰা বৰ্নাত্য সকলক শিক্ষকসকলে এনেদৰে সহায়ৰ হাত আগবঢ়োৱা কাৰ্যত সকলোৱে শলাগ লৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.