ETV Bharat / bharat

বিদ্ৰোহী বিধায়কলৈ ঠাকৰেৰ শৰ: জাৰি কৰা হ’ব জাননী

author img

By

Published : Jun 25, 2022, 11:07 AM IST

শিৱসেনাৰ নেতা অজয় চৌধুৰীয়ে দলীয় অনুশাসন ভংগ কৰাৰ বাবে দলটোৰ 16 জন বিধায়কৰ বিৰুদ্ধে অযোগ্য ঘোষণা কৰাৰ দাবী কৰি বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জিৰৱালেৰ ওচৰত এখন আবেদন দাখিল কৰিছিল(Shiv Sena to send notices to rebels MLAs) দলটোৱে । শিৱসেনাৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে বিয়লি বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জীৰৱালক সাক্ষাৎ কৰি এই বিষয়ত বৈঠকত মিলিত হয় ৷ প্ৰায় ছয় ঘণ্টা ধৰি চলা বৈঠকৰ অন্তত 16 জন সদস্যক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয় ।

Shiv Sena to send notices to rebels MLAs
বিদ্ৰোহী বিধায়কলৈ ঠাকৰেৰ শৰ

নিউজ ডেস্ক, 25 জুন : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলক দমন কৰি দলটোক শক্তিশালী কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহ কৰি গুৱাহাটীত আশ্ৰয় লোৱা শিৱসেনাৰ ১৬ জন বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে ৷ তেওঁ এই বিধায়ককেইজনক অযোগ্য ঘোষণা কৰাৰ বাবে জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপে একনাথ সিন্দেৰ নেতৃত্বাধীন বিসম্বাদী গোটক মোক্ষম আঘাত হানিব বুলি ধাৰণা কৰা হৈছে ৷

শিৱসেনাৰ হৈ প্ৰতোদ সুনীল প্ৰভুৱে একনাথ সিন্দেৰ গোটৰ ১৬ জন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । শিৱসেনাৰ প্ৰতিনিধি দলটোৱে শুকুৰবাৰে বিয়লি বিধানসভাৰ উপাধ্যক্ষ নাৰহাৰী জীৰৱালক সাক্ষাৎ কৰি বিষয়টো আলোচনা কৰে । শুকুৰবাৰে আবেলি আইনসভাত আৰম্ভ হোৱা বৈঠকখন ছয় ঘণ্টা ধৰি চলিছিল । এই বৈঠকৰ পিছত, 16 জন সদস্যক অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয়(Shiv Sena to send notices to 16 rebels MLAs) ।

সুনীল প্ৰভুৱে বুধবাৰেও শিৱসেনা আইনসভাৰ সদস্যসকলৰ লগত এখন বৈঠক আহ্বান কৰিছিল । কিন্তু এই বৈঠকত বিদ্ৰোহী সদস্যসকল অনুপস্থিত আছিল । তাৰপাছতেই শিৱসেনাৰ নতুন গোটৰ নেতা অজয় চৌধুৰীয়ে নেতাকেইজনৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ বাবে অযোগ্য ঘোষণা কৰাৰ আহ্বান জনাই বিধানসভাৰ উপাধ্যক্ষলৈ লিখিত আবেদন দাখিল কৰিছিল । বিধানসভাৰ উপাধ্যক্ষই জাননী জাৰি কৰা ১৬ জন বিদ্ৰোহী বিধায়কে 48 ঘন্টাৰ ভিতৰত বিধানসভাৰ উপাধ্যক্ষৰ সন্মুখত তেওঁলোকৰ মতামত উপস্থাপন কৰিব লাগিব ।

এই বিদ্ৰোহী বিধায়ককেইগৰাকী বৰ্তমান গুৱাহাটীতে বাহৰ পাতি আছে । বিদ্ৰোহী বিধায়কসকলে গুৱাহাটীত বাহৰ পাতি থকা হোটেল ৰেডিশ্বন ব্লু’ৰ বাহিৰে ভিতৰে মোতায়ন কৰা হৈছে কমাণ্ডো বাহিনী (Commando forces deployed at Hotel Radisson Blu) ৷ হোটেলখনৰ বাহিৰত বিৰোধী দলসমূহৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ বাবেই নিৰাপত্তা বৃদ্ধি কৰা হয় ।

ইফালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ অনৈতিক ৰাজনীতিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি দাবী কৰি তেওঁলোকক শীঘ্ৰেই অসম ত্যাগ কৰাৰ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই(Congress urges rebel MLA to leave Assam)। তেওঁ এই সন্দৰ্ভত শুকুৰবাৰে মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰক নেতৃত্ব দিয়া একনাথ সিন্দেলৈ এখন পত্ৰও প্ৰেৰণ কৰে (Bhupen Bora sent letter to Eknath Shinde)। আনহাতে শনিবাৰে শিৱসেনা দলৰ এখন বৈঠক মুম্বাইস্থিত কাৰ্যালয়ত অনুষ্ঠিত হ’ব ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে ভুৰ্চুৱেলী এই বৈঠকত উপস্থিত থাকিব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : মই এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বিচাৰো: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.