ETV Bharat / bharat

মই এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বিচাৰো: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

author img

By

Published : Jun 24, 2022, 10:20 PM IST

শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে (CM Uddhav Thackeray ) এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বুলি ঘোষণা কৰে ৷ লগতে যিসকল নেতাই অভিযোগ উত্থাপন কৰি উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কূটনীতিত ভাগ লৈ এই বিসম্বাদ আৰম্ভ কৰিছে তেওঁলোকে বিজেপিৰ সৈতে থাকিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Shiv Sena has demanded to cancel the membership of rebel MLA
মই এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বিচাৰো: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

নেশ্যনেল ডেস্ক, ২৪ জুন : "Don't fall in love with me, I am not blackmailing, this is not an emotional appeal " " বুলি মন্তব্য কৰি শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বুলি ঘোষণা কৰে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই নতুন দলটোত তেওঁৰ সৈতে আন আন মন্ত্ৰী বিধায়কসকল থাকিব বিচাৰিলে থাকিব পাৰিব বুলি সদৰি কৰে ৷

সম্প্ৰতি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাই সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে (CM Uddhav Thackeray ) মুখ্যমন্ত্ৰীৰ বাসগৃহ এৰি যোৱাৰ (Uddhav Thackeray leaves Varsha) পিছত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈছে । প্ৰায় ৪২ জনতকৈ অধিক বিধায়কে বিদ্ৰোহী একনাথ সিন্দেৰ পক্ষ লোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অৱস্থা থৰক বৰক হৈ পৰিছে (Maharashtra political crisis) ৷

এই সন্দৰ্ভত শুকুৰবাৰে উদ্ধৱ ঠাকৰেয়ে ৰাজ্যখনৰ সকলো জিলাৰ মুখ্য বিষয়া তথা প্ৰধানসকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰি (Meeting of all district and liaison chiefs) নতুন শিৱসেনাৰ দল গঠন হোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে ৷ লগতে জিলাৰ মুখ্য বিষয়া তথা প্ৰধান সকলৰ যিসকলে এই নতুন শিৱসেনাৰ দলটো গঠনত থাকিব বিচাৰে থাকিব পাৰে বুলি উল্লেখ কৰে ৷ আনহাতে, জিলাৰ মুখ্য বিষয়া তথা প্ৰধান সকল যদি একনাথ সিন্দেৰ সৈতে যাব বিচাৰে যাব পাৰে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইতিমধ্যে শিৱসেনাই বিদ্ৰোহী বিধায়কসকলৰ সদস্যপদ বাতিল কৰিবলৈ দাবী জনাইছে (Shiv Sena has demanded to cancel the membership of rebel MLA) । ইপিনে, যিসকল নেতাই অভিযোগ উত্থাপন কৰি উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কূটনীতিত ভাগ লৈ এই বিসম্বাদ আৰম্ভ কৰিছে (MAHA rebel MLAs) তেওঁলোকে বিজেপিৰ সৈতে থাকিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Maharashtra political updates : হোটেল ৰেডিশ্বন ব্লুত মোতায়েন কৰা হ’ল কামাণ্ডো বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.