ETV Bharat / state

একনাথ সিন্দেক প্ৰত্যাহ্বান জগদীশ ভূঞাৰ

author img

By

Published : Jun 25, 2022, 12:32 PM IST

jagadish-bhuyan-tweet-on-eknath-shinde
একনাথ সিন্দেক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ

ৰাজ্যৰ অৰ্ধ তৃতীয়াংশ লোক বানৰ কবলত জীৱন মৃত্যুৰ লগত যুঁজি থকাৰ সময়তে ৰাজ্যখনত একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকে জাতীয় দল সংগঠনৰ চকু কঁপালত তুলিছে ৷ টুইটযোগে একনাথ সিন্দেক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (Jagadish Bhuyan tweet on Eknath Shinde) ৷

নিউজ ডেস্ক, 25 জুন: সম্প্ৰতি মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাই সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে (Guwahati Hotel Politics) । মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধ নাটকৰ অভিকেন্দ্ৰ গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত ক্ৰমাৎ বাঢ়িছে উৎকণ্ঠা (Maharashtra political crisis update) । শিৱসেনাৰ বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত‌ হোৱা বিধায়কৰ সংখ্যা লক্ষ্যনীয়ভাৱে বৃদ্ধি হৈছে৷ ইফালে মুম্বাইত সৃষ্টি হোৱা ৰাজনৈতিক সমীকৰণে সঘনাই দৃশ্যপট সলনি কৰিছে ৷

ইফালে ৰাজ্যজুৰি অব্যাহত আছে বানৰ মহাপ্ৰলয় ৷ ৰাজ্যৰ অৰ্ধ তৃতীয়াংশ লোক বানৰ কবলত জীৱন মৃত্যুৰ লগত যুঁজি থকাৰ সময়তে ৰাজ্যখনত একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকে জাতীয় দল সংগঠনৰ চকু কঁপালত তুলিছে ৷ টুইটযোগে একনাথ সিন্দেক প্ৰত্যাহ্বান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (Jagadish Bhuyan tweet on Eknath Shinde) ৷

  • If you think to secure Maratha pride, @mieknathshinde ji,why are you doing this politics from the land of Assam where Assam is drowning in flood.
    Why don’t you rather do this from the land of Maharastra with the help of Maratha people instead of BJP ? @ShivSena @OfficeofUT

    — JAGADISH BHUYAN (@jbhuyan65) June 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ উল্লেখ কৰে- যদি আপুনি ঐতিহ্যমণ্ডিত মাৰাঠা জাতিৰ গৌৰৱ আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ কথা ভাবিছে তেনেহ'লে আপুনি কিয় অসমৰ পৰা এই বিসম্বাদী ৰাজনীতিৰ পোখা মেলিছে ? বানৰ কবলত জীৱন মৰণৰ লগত যুঁজি আছে ৰাজ্যবাসীয়ে৷ আপুনি বিজেপিৰ পৰিৱৰ্তে মাৰাঠা লোকৰ সহায়ত মহাৰাষ্ট্ৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰক ৷

ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি টুইটযোগ (Jagadish Bhuyan tweet on CM Himanta Biswa Sarma)ক্ষোভ প্ৰকাশ কৰি ভূঞাই কয় যে আপোনাৰ ৰাজ্যখন বানৰ কবলত বুৰ গৈছে (Assam flood 2022) ৷ ৰাজ্যবাসী গৃহহীন হৈছে, ভোকত ককবকাইছে ৷ বানপানী, মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকসকলৰ জীৱন শোচনীয় হৈ পৰিছে আৰু আপুনি পাঁচ তাৰকাযুক্ত বিলাসী হোটেলত শিৱসেনাৰ বিশ্বাসঘাতকসকলক আতিথ্য দিছে । এইয়া আপোনাৰ নিজৰ মানুহৰ প্ৰতি প্ৰতিশ্ৰুতি নেকি?

  • CM @himantabiswasarma your State is reeling under heavy flood. People have rendered homeless, starving. Life of common Assamese has become miserable due to flood, price rise and you are hosting Traitors of Shivsena in five Star. Is this your commitment towards your own people.

    — JAGADISH BHUYAN (@jbhuyan65) June 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা 9.45 বজাত হোটেলখনত পুনৰ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছিল । এতিয়া ৰেডিশ্বন ব্লু'ত 46 জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছেহি ৷ ইয়াৰে শিৱসেনাৰ 37 জন আৰু 9 জন নিৰ্দলীয় বুলি জানিব পৰা গৈছে ৷ বুধবাৰৰ পুৱাৰ পৰা এতিয়ালৈ বিলাসী হোটেলখনত বিসম্বাদী বিধায়কৰ সোঁত বৈছে ৷ আৰক্ষীয়ে ৰেডিশ্বন ব্লু'ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

ইয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ একনাথ সিন্দেই এক বিবৃতিৰ জৰিয়তে ৰাষ্ট্ৰীয় দলৰ লগত থাকি চৰকাৰ গঠন কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে (Eknath Shinde with rebel MLAs in Guwahati) ৷ এই বিবৃতিটোৰ জৰিয়তে সিন্দেই বিজেপিৰ লগত লগ হৈ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠন কৰাৰ স্পষ্ট ইংগিত বহন কৰিছে ৷ সম্প্ৰতি একনাথ সিন্দেৰ লগত 50 জন বিধায়ক আছে ৷ তেওঁৰ সমৰ্থনত শিৱসেনাৰ 40 গৰাকী বিধায়কৰ আছে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে সিন্দেই ৷

লগতে পঢ়ক : MAHA Political crisis : মুম্বাইৰ পৰা আহি ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ সমৰ্থকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.