ETV Bharat / state

শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ

author img

By

Published : Jun 25, 2022, 12:31 PM IST

ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ এক বিশেষ ঘোষণা আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ । শিক্ষা মন্ত্ৰীৰ শিক্ষকসকলক অনাশৈক্ষিক কামত ব‍্যৱহাৰ কৰিলে কি ক্ষতি হয় সেই বিষয়ত মুকলি বিতৰ্কৰ আহ্বানক প্ৰত‍্যাহ্বান জনালে অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে(Assam Rajik Teachers Conference supports Education Minister announcement) ।

challenge of education minister accepted by teachers
শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ

কলিয়াবৰ,২৫ জুন: ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আয়োজন কৰিছে বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ(National Education Policy-2020) । কলিয়াাবৰতো আয়োজন কৰা হয় এক বিশেষ সজাগতা সভা । এই সভাত অংশগ্ৰহন কৰি অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য় ।

শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ

কিছুদিন পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকসকলক অনাশৈক্ষিক কামত ব‍্যৱহাৰ কৰিলে কি ক্ষতি হয় সেই বিষয়ত এক মুকলি বিতৰ্কৰ আহ্বান জনাইছিল । শিক্ষামন্ত্ৰীৰ সেই আহ্বানক প্ৰত্য়াহ্বান জনাই অসম ৰাজ‍্যিক শিক্ষক সন্মিলনী বিতৰ্কত বহিবলৈ সাজু বুলি উল্লেখ কৰে(Assam Rajik Teachers Conference supports Education Minister announcement) । লগতে শিক্ষকসকলক শ্ৰেণীকোঠাত ব‍্যস্ত ৰখাৰ আহ্বান জনাই চৰকাৰক । অসম তথা ভাৰতৰ সমগ্ৰ শিক্ষক ব‍্যৱস্থাটো চৰকাৰৰ ভুলৰ বাবেই যে আজি এই দশা হৈছে বুলি উল্লেখ কৰি এই বিষয়টো তথ‍্য-প্ৰমাণসহ দাঙি ধৰি শিক্ষামন্ত্ৰীৰ মুকলি আহ্বানক মুকলি প্ৰ‍্যত‍্যাহ্বান জনাবলৈ সাজু বুলি উল্লেখ কৰে অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে ।

আনহাতে সাংবাদিকতা আৰু অনান‍্য ব‍্যক্তিগত-সমাজিক অনাশৈক্ষিক কাম যেনে–জীৱন বীমা,ঠিকা-ঠুকলি,ৰাজনৈতিক দলৰ নেতাজাতীয় ধেমাধৰা শ্ৰেণীকোঠাত নথকা শিক্ষকসকলৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰাৰ পক্ষত শিক্ষক সন্মিলনী সদায় থাকিব বুলিও উল্লেখ কৰে । ২০১৩ চনতেই তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত ঘোষণা কৰিছিল যদিও,পাছলৈ ফুটুকাৰ ফেনলৈ পৰিৱৰ্তন হ'ল মন্তব্য গোস্বামীৰ ।

বৰ্তমান মুখ‍্যমন্ত্ৰীগৰাকীৰ মুখত একেটা ঘোষণাক অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীয়ে আদৰণি জনাইছে । কিন্তু ঘোষণাটো কাৰ্য‍্যকৰী হ'বনে নাই সেই লৈ সন্দিহান শিক্ষকসকল । উল্লেখ‍্য যে, কলিয়াবৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি–২০২০ বিষয়ক এক সজাগতা সভাত অংশগ্ৰহণ কৰিবলৈ আহি এই গুৰুত্বপূৰ্ণ মন্তব‍্য কৰে অসম ৰাজ‍্যিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে । তদুপৰি, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব‍্য কৰে ।

লগতে পঢ়ক: নৃশংস ! দাৰে ঘপিয়াই হত্যা এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.