ETV Bharat / bharat

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১ কোটিতকৈ অধিক গৃহ আৱন্টন

author img

By

Published : Jun 25, 2022, 11:15 AM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) অধীনত ১২২.৬৯ লাখ ঘৰ আৱন্টন । ৬১ লাখতকৈও অধিক গৃহ সম্পূৰ্ণ (61 lakh houses completed pm awas yojana)। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ(নগৰ)ৰ সপ্তম বাৰ্ষিকীত তথ্য় প্ৰকাশ চৰকাৰৰ ।

pm yojana
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১কোটিতকৈ অধিক গৃহ আৱন্টন

নেছনেল ডেস্ক, ২৫জুন: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) অধীনত এতিয়ালৈকে ১২২.৬৯ লাখ ঘৰ আৱন্টন কৰা হৈছে ( Pradhan Mantri Awas Yojana)। শুক্ৰবাৰে চৰকাৰে এই তথ্য় সদৰি কৰিছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ)ৰ সপ্তম বাৰ্ষিকী উদযাপন উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য় সদৰি কৰা বুলি জানিব পৰা গৈছে (Union Housing and Urban Affairs Ministry)।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য় অনুসৰি ইতিমধ্য়ে ১ কোটিতকৈও অধিক ঘৰ আৱন্টন দিয়া হৈছে । আনহাতে,৬১ লাখতকৈও অধিক ঘৰ সম্পূৰ্ণ কৰাৰ লগতে হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে বুলিও কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য়ত প্ৰকাশ পাইছে । এক ভাৰ্চুৱেল অনুষ্ঠানত এইচ ইউ এৰ সচিব মনোজ যোশীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ''সকলোৰে বাবে গৃহ নিৰ্মাণ''ৰ লক্ষ্য পূৰণ কৰাৰ লগতে তেওঁলোকৰ নিজ নিজ অঞ্চলত নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় (HUA Secretary Manoj Joshi)।

সপ্তম বাৰ্ষিকী উদযাপনত পি এম এ ৱাই-ইউ মিছনৰ অধীনত ৰূপায়ণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হয় বুলিও তেওঁ কয় । এইচ ইউ এৰ সচিব মনোজ যোশীয়ে পুনৰ কয় যে এয়া হ'ল বিশ্বৰ অন্যতম বৃহৎ নগৰ আৱাস কাৰ্যসূচী । বিগত বছৰসমূহত ভাৰতৰ নগৰীয় দৃশ্যপট সলনিৰ বাবে বিভিন্ন প্ৰযুক্তিগত আৰু তথ্যমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গ্লোবেল হাউছিং টেকন'লজী চেলেঞ্জ ইণ্ডিয়া (জিএইচটিচি-ইণ্ডিয়া)ৰ অধীনত ছয়টা লাইট হাউচ প্ৰকল্প (এলএইচপি) হৈছে । এয়া হ'ল এনে এক পদক্ষেপ যি বিশ্বব্যাপী উপলব্ধ নিৰ্মাণ প্ৰযুক্তিৰ প্ৰচাৰ কৰি আছে ।

নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰা মতে, এল এইচ পিয়ে গৃহ নিৰ্মাণ খণ্ডত নতুন যুগৰ বৈকল্পিক গোলকীয় প্ৰযুক্তিৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে । ইতিমধ্য়ে চেন্নাইত প্ৰকল্পটো সকলো ক্ষেত্ৰতে সম্পূৰ্ণ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 26 মে'ত চেন্নাইত প্ৰকল্পটো উদ্বোধন কৰিছিল (Prime Minister Narendra Modi)। আনহাতে,ৰাজকোট, ইন্দোৰ, লক্ষ্ণৌ, ৰাঁচী আৰু আগৰতলাৰ এল এইচ পিসমূহ বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে । উল্লেখ্য় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনৰ ২৫ জুনত প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰ (পিএমএৱাই-ইউ) মুকলি কৰিছিল।

লগতে পঢ়ক: মই এটা নতুন শিৱসেনাৰ দল গঠন কৰিব বিচাৰো: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.