ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 16, 2022, 1:03 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও

অপৰিৱৰ্তিত অৱস্থাত আছে কামপুৰৰ বান পৰিস্থিতি(Flood situation is remain same in kampur) ৷ কেউফালে পানীৰে ভৰি পৰাৰ বন্যাৰ্তই হাহাকাৰ কৰিছে এটুপি বিশুদ্ধ খোৱাপানী আৰু এসাঁজ আহাৰৰ বাবে ৷ কপিলী নৈৰ বানে দিশহাৰা কৰি তুলিছে জনসাধাৰণক ৷

আজি বুদ্ধ পূৰ্ণিমা : এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ অৰুণাচলৰ টাৱাং বৌদ্ধ মঠৰ এক চমু অৱলোকন

আজি বুদ্ধ পূৰ্ণিমা(Buddha Purnima is celebrated today) ৷ এছিয়াৰ প্ৰসিদ্ধ বৌদ্ধ মঠ হিচাপে খ্যাত অৰুণাচল প্ৰদেশত থকা টাৱাং বৌদ্ধ মঠ ৷ ইতিহাস বিজড়িত এই মঠতে থকা মেৰা লৰডে জ্ঞামৎস নামৰ বৌদ্ধ ভিক্ষুগৰাকীয়ে ১৬৮০-৮১ শকত Merag Lodroe Gyamtso নামৰ এটা ঘোঁৰা লাভ কৰাৰ কথা জানিব পৰা যায় ৷

China threat in Border : ভাৰতীয় সেনাৰ ষষ্ঠ ডিভিজনক উত্তৰ-পূৰ্বাঞ্চললৈ স্থানান্তৰ

চীন সীমান্তত বৰ্ধিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্তলৈ স্থানান্তৰিত কৰা হৈছে ভাৰতীয় সেনাৰ ষষ্ঠ ডিভিজনক(6 Indian army divisions shifted to Northeast) ৷ অসমৰ তেজপুৰস্থিত গজৰাজ কৰ্পকো সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপৰ পৰা আঁতৰাই উত্তৰ-পূৱত চীনৰ সীমা নিৰীক্ষণ কাৰ্যত নিয়োজিত কৰা হৈছে । সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ লাডাখ ভ্ৰমণৰ পাছত লোৱা হৈছে এই পদক্ষেপ ।

প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা

বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা (Minor girl from Dhubri sold in outer state) ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ দলসিঙেৰ আলগাত ৷ প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী কৰা হ’ল নাবালিকাগৰাকীক ৷ আৰক্ষীক গোচৰ দিয়াৰ পিছতো ন্যায় লাভ নকৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷

Train service cancelled : ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ

ৰেলসেৱা বাতিলৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাওত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ (Train passengers stranded at New Haflong station)৷ যাত্ৰীক উদ্ধাৰৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ অনিৰ্দিষ্ট কালৰ বাবে পাহাৰীয়া জিলাখনলৈ ৰেলৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে (Train service cancelled indefinitely due to landslide)৷

বিবাহ থলীত তেজৰ ডোঙা; লুডু খেলৰ কাজিয়াত প্ৰাণ হেৰুৱালে এজনে

সামান্য কথাৰ কটাকটিতে প্ৰাণ হেৰুৱালে লখিমপুৰৰ এগৰাকী যুৱকে(One brutally killed in lakhimpur) ৷ এখন লুডু খেলক কেন্দ্ৰ কৰি হোৱা বাদানুবাদ পৰৱৰ্তী সময়ত পৰিৱৰ্তিত হয় ভয়ংকৰ কাজিয়াত ৷ এই কাজিয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে আফজত আলী নামৰ যুৱকজনে চোকা ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে ইচাদ আলী নামৰ যুৱকজনক ৷

আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা

আলফা(স্বাঃ) আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজৰ বিতৰ্কৰ অন্ত পৰিল (Controversy between ULFA I and Sanjay Kisan)। অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা বিচাৰিলে মন্ত্ৰী সঞ্জয় কিষাণে । লগে লগে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া । কিন্তু কি ভুল কৰিছিল মন্ত্ৰী সঞ্জয় কিষানে ? কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ?

Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন চিপিআই(এম) দলৰ (Tripura CPIM boycotted Oath taking ceremony of new CM)৷ বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ এইদৰে মুখ্যমন্ত্ৰী সলনি কৰা কাৰ্যই প্ৰকৃততে দলটোৰ ব্যৰ্থতাক উদঙাই দিছে বুলি মন্তব্য কৰে চিপিআই(এম)ৰ দলীয় সূত্ৰই ৷

Tripura new cabinet: 11 গৰাকী মন্ত্ৰীয়ে শপত ল’ব সোমবাৰে

আজি শপত গ্ৰহণ কৰিব ত্ৰিপুৰা চৰকাৰৰ 11 গৰাকী মন্ত্ৰীয়ে (Tripura new cabinet) ৷ পূৰ্বৰ 8 জন মন্ত্ৰীৰ লগতে নতুনকৈ তিনিজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে ৷

India Wins Thomas Cup: থমাছ কাপৰ ফাইনেলত ইতিহাস ৰচিলে ভাৰতে

ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত নতুন অভিলেখ(Indian men's badminton team create history) ৷ প্ৰথমবাৰলৈ ভাৰতে জয় কৰিলে থমাছ কাপ ৷ ১৯৭৯ চনৰ পাছত ছেমিফাইনেল অতিক্ৰম কৰিব পৰা নাছিল ভাৰতীয় বেডমিণ্টন দলে । ভাৰতীয় দলৰ এই বিজয়ত উৎফুল্লিত দেশবাসী । প্ৰধানমন্ত্ৰীয়ে ফোনযোগে শুভেচ্ছা জনায় ভাৰতীয় দলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.