আজি বুদ্ধ পূৰ্ণিমা : এছিয়াৰ ভিতৰতে প্ৰসিদ্ধ অৰুণাচলৰ টাৱাং বৌদ্ধ মঠৰ এক চমু অৱলোকন

By

Published : May 16, 2022, 10:55 AM IST

thumbnail

আজি বুদ্ধ পূৰ্ণিমা(Buddha Purnima is celebrated today) ৷ এছিয়াৰ প্ৰসিদ্ধ বৌদ্ধ মঠ হিচাপে খ্যাত অৰুণাচল প্ৰদেশত থকা টাৱাং বৌদ্ধ মঠ ৷ ইতিহাস বিজড়িত এই মঠতে থকা মেৰা লৰডে জ্ঞামৎস নামৰ বৌদ্ধ ভিক্ষুগৰাকীয়ে ১৬৮০-৮১ শকত Merag Lodroe Gyamtso নামৰ এটা ঘোঁৰা লাভ কৰাৰ কথা জানিব পৰা যায় ৷ পৰৱৰ্তী সময়ত ই সমগ্ৰ বিশ্বৰ জনগণৰ মাজতে পৰিচিত হৈ পৰে ৷ এই মঠত আছে 8 মিটাৰ উচ্চতাৰ এটা ভগৱান বুদ্ধৰ মূৰ্তি, য’ত এটা অংশত সোণেৰে খোদিত কৰা আছে ৷ বৌদ্ধিক বিকাশৰ বাবে মনপা জনগোষ্ঠীৰ লোকসকলে ইয়াত বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰে ৷ তিনিমহলীয়া এই মঠত দীক্ষা গ্ৰহণ কৰি থকা ভিক্ষুসকলে বসবাস কৰাৰো সুবিধা উপলব্ধ ৷ সম্প্ৰতি ইয়াত আছে এটা প্ৰসিদ্ধ সংগ্ৰহালয়, পুথিভঁৰাল আৰু এখন বিদ্যালয় ৷ বুদ্ধ পূৰ্ণিমা(Buddha purnima in Tawang Monastery) ৰ সৈতে সংগতি ৰাখি টাৱাং বৌদ্ধ মঠৰ পৰা আগবঢ়োৱা হৈছে ইটিভি ভাৰতৰ তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.