কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও

By

Published : May 16, 2022, 12:30 PM IST

thumbnail

অপৰিৱৰ্তিত অৱস্থাত আছে কামপুৰৰ বান পৰিস্থিতি(Flood situation is remain same in kampur) ৷ কেউফালে পানীৰে ভৰি পৰাৰ বন্যাৰ্তই হাহাকাৰ কৰিছে এটুপি বিশুদ্ধ খোৱাপানী আৰু এসাঁজ আহাৰৰ বাবে ৷ কপিলী নৈৰ বানে দিশহাৰা কৰি তুলিছে জনসাধাৰণক ৷ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 50 খনকৈ গাঁও এতিয়া কপিলীৰ বাঢ়নী পানীৰ কবলত(Kampur effected by Kapili river floods) ৷ উল্লেখ্য যে, কপিলী নদীৰ বানক ভেটা দিয়াৰ উদ্দেশ্যে থকা আটাইকেইটা মথাউৰি বানৰ প্ৰকোপত ভাঙি যোৱাত প্লাৱিত হৈ পৰে বকুলগুৰি, নলাপাৰ, চিমলাই, পদুমনি, ১, ২, আৰু ৩ নং কলনি, পটিয়াপামকে ধৰি বহুকেইখন গাঁও ৷ বাঢ়নী পানী অহাৰ পূৰ্বে বহুলোকে নিৰাপদ স্থান বিচাৰি যায় যদিও অতৰ্কিতে অহা বানৰ ফলত বহু লোক ঘৰতে আৱদ্ধ হৈ পৰে ৷ বন্যাৰ্তক উদ্ধাৰৰ বাবে বৰ্তমানলৈকে স্থানীয় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.