ETV Bharat / state

প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা

author img

By

Published : May 16, 2022, 10:46 AM IST

বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা (Minor girl from Dhubri sold in outer state) ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ দলসিঙেৰ আলগাত ৷ প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী কৰা হ’ল নাবালিকাগৰাকীক ৷ আৰক্ষীক গোচৰ দিয়াৰ পিছতো ন্যায় লাভ নকৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷

minor-girl-from-dhubri-sold-in-outer-state
নাবালিকা ধৰ্ষণ

ধুবুৰী, 16 মে’: আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যত গোপনে অব্যাহত আছে নাৰীদেহৰ ব্যৱসায় ৷ এগৰাকী নাবালিকাক নাৰীদেহ ব্যৱসায়ী চক্ৰই বহিঃৰাজ্যত বিক্ৰী(Minor girl from dhubri sold in outer state) কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰৰ দলসিঙেৰ আলগাত ৷ প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী কৰা হ’ল নাবালিকাগৰাকীক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীপুৰৰ দলসিঙেৰ আলগা গাঁৱৰ এগৰাকী ব্যক্তিৰ কন্যাই অধ্যয়ন কৰে নৱম শ্ৰেণীত ৷ এই নাবালিকাগৰাকীক প্ৰথমে অপহৰণ কৰি ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চিৰাখোৱা গাঁৱৰ বাসিন্দা শ্বাহজাহান শ্বেখৰ পুত্ৰ ওমৰ শ্বেখ, আবুল শ্বেখ আৰু নৌচাদ শ্বেখৰ পুত্ৰ ৰমজান শ্বেখে বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণকাৰ্য সংঘটিত কৰে ৷

পৰৱৰ্তী সময়ত তিনিওজন লোকে নাবালিকাগৰাকীক বিক্ৰী কৰে এজন হিন্দু ধৰ্মাৱলম্বী ব্যক্তিৰ ওচৰত ৷ উক্ত ব্যক্তিগৰাকীয়ে নাবালিকা গৰাকীক বিয়া পাতি চলাবলৈ আৰম্ভ কৰে শাৰিৰীক-মানসিক অত্যাচাৰ ৷ এই অত্যাচাৰৰ কথা সদৰি কৰিছে খোদ ভুক্তভোগীয়ে ৷

জানিব পৰা মতে, 5 লাখ টকাৰ বিনিময়ত নাবালিকাগৰাকীক বিক্ৰী কৰে এই ঘটনাত জড়িত তিনি অভিযুক্তই ৷ নাবালিকা গৰাকীৰ পিতৃয়ে বিগত বৰ্ষৰ 27 নৱেম্বৰত গৌৰীপুৰ থানাত নাবালিকা গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কত দাখিল কৰিছিল এজাহাৰ ৷ ইয়াৰ পিছত নাবালিকাগৰাকীয়ে স্বামীৰ 79885-69462 নম্বৰৰ ম’বাইল ফোনেৰে সমগ্ৰ ঘটনা সম্পৰ্কে অৱগত কৰে পিতৃ পৰিয়ালক ৷

এই ঘটনাৰ বিষয়ে জানিব পৰাত চলিত বৰ্ষৰ 22 ফেব্ৰুৱাৰীত পুনৰায় পৰিয়ালটোৱে নাবালিকা গৰাকীক বহিঃৰাজ্যত বিক্ৰীৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 106/22 নম্বৰত ৰুজু কৰে এক গোচৰ ৷ কিন্তু আৰক্ষীৰ কাষ চপাৰ পিছতো কোনো ন্যায় লাভ নকৰাত ভুক্তভোগীৰ পিতৃয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ ওচৰত দাখিল কৰে লিখিত অভিযোগ ৷

এতিয়া আইন তথা স্থানীয় প্ৰশাসনে বিষয়টোৰ সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওক : Love Jihad in Dhubri: ধুবুৰীত লাভ জেহাদৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.