Love Jihad in Dhubri: ধুবুৰীত লাভ জেহাদৰ ঘটনা

author img

By

Published : May 15, 2022, 5:07 PM IST

love-jihad-in-dhubri-one-muslim-boy-trapped-hindu-girl-and-started-blackmailing

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা (Love Jihad in Assam ) ৷ শেহতীয়াকৈ এনে এক ভয়াবহ ঘটনা প্ৰায়ে পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ ধুবুৰীত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ৷ ইতিমধ্যে এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Love Jihad in Dhubri ) ৷

ধুবুৰী, 15 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা (Love Jihad in Assam) ৷ এইবাৰ ধুবুৰীত সংঘটিত হৈছে এনেই এক লাভ জেহাদৰ ঘটনা (Love Jihad in Dhubri) ৷ অভিযোগ অনুসৰি, ধুবুৰীৰ এজন মুছলমান যুৱকে নিজৰ পৰিচয় গোপন ৰাখি হিন্দু পৰিচয়েৰে হিন্দু যুৱতীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক (One muslim boy trapped hindu Girl) । ভুৱা প্ৰতিশ্ৰুতিৰে যুৱতী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কও স্থাপন কৰাৰ অভিযোজগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে ।

ধুবুৰীত লাভ জেহাদৰ ঘটনা

ঘটনা অনুসৰি, ধুবুৰী চহৰৰ বালুৰচৰ অঞ্চলৰ ইয়ানত আলী ওৰফে মুন্নু শেখ নামৰ যুৱকজনে নিজৰ পৰিচয় গোপন ৰাখি ৰাজ নামেৰে নিজকে হিন্দু বুলি পৰিচয় দি অঞ্চলটোৰ এগৰাকী যুৱতীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক । তাৰ পিছত ইয়ানত আলী ওৰফে মুন্নু শেখ নামৰ যুৱকজনে যুৱতীগৰাকীৰ অশ্লীল ফটো তুলি সম্প্ৰতি ব্লেক মেইলিং কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Blackmailing allegation against boy) ৷

অৱশেষত শনিবাৰে, অঞ্চলটোৰ একাংশ লোকে যুৱকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ভুক্তভোগী যুৱতীকগৰাকীক ।

ইয়াৰ পিছতে, ৰাইজে দুয়োকে আটক কৰি ধুবুৰী আৰক্ষীক গতাই দিয়ে ৷ কিন্তু একেই অঞ্চলৰ এজন মুছলমান যুৱকে নিজৰ পৰিচয় গোপনে ৰাখি এজনী হিন্দু যুৱতীক এইদৰে প্ৰেমৰ জালত পেলোৱা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ । আচলতে এয়া লাভ জেহাদ নে প্ৰকৃত প্ৰেম তাকেলৈয়ো উত্থাপিত হৈছে প্ৰশ্ন ৷ সম্প্ৰতি, আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ভূমি বিবাদক কেন্দ্ৰ কৰি সত্ৰকণৰা ৬ নং ছিটত প্ৰচণ্ড মাৰপিট, আহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.