ETV Bharat / state

আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা

author img

By

Published : May 15, 2022, 2:08 PM IST

Updated : May 15, 2022, 2:20 PM IST

আলফা(স্বাঃ) আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজৰ বিতৰ্কৰ অন্ত পৰিল (Controversy between ULFA I and Sanjay Kisan)। অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত ক্ষমা বিচাৰিলে মন্ত্ৰী সঞ্জয় কিষাণে । লগে লগে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া । কিন্তু কি ভুল কৰিছিল মন্ত্ৰী সঞ্জয় কিষানে ? কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ?

ULFA
আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা

গুৱাহাটী,১৫ মে' : অৱশেষত মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপ কৰা সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে আলফা (স্বাধীন)য়ে (ULFA I withdraws ban imposed against Sanjay Kisan)। বিবৃতিযোগে এই কথা সদৰি কৰিলে সংযুক্ত মুক্তি বাহিনী, অসমে । মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ জৰিয়তে নিষিদ্ধ ঘোষিত সংগঠনটোক ক্ষমা বিচৰাৰ পাছতে এই বিবৃতি প্ৰকাশ কৰে সংগঠনটোৱে ।

উল্লেখ্য যে আলফাৰ শিবিৰত বিজু গগৈৰ মৃত্যুক লৈ মন্ত্ৰীগৰাকী আৰু সংগঠনটোৰ মাজত বিতৰ্ক আৰম্ভ হৈছিল (Controversy between ULFA I and Sanjay Kisan)। এই মৃত্যুৰ খবৰক মিছা আখ্যা দিবলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মিছলীয়া বুলি কৈছিল । তাৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সংগঠনটো । মন্ত্ৰীগৰাকীক ক্ষমা বিচাৰিবলৈ কঠোৰভাৱে সকীয়নি দিছিল নিষিদ্ধ ঘোষিত সংগঠনটোৱে (ULFA I reacts on statement of Sanjay Kisan)।

আনকি ক্ষমা বিচাৰিবলৈ মন্ত্ৰীগৰাকীক ২৪ ঘণ্টাৰ সময়সীমাও বান্ধি দিছিল আলফা (স্বাঃ) সংগঠনটোৱে । অন্যথা তেওঁৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হ'ব বুলি সংগঠনটোৱে সকীয়াই দিছিল । ক্ষমা-প্ৰাৰ্থনা নিবিচাৰিলে সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত সংগঠনটোৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক নিষিদ্ধ ঘোষণা কৰা হ'ব বুলি কোৱা হৈছিল (Sanjoy Kishan threaten by ULFA I)। ইয়াৰ সমান্তৰালকৈ অসমৰ জনসাধাৰণক বিধায়ক সঞ্জয় কিষাণৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা অনুষ্ঠানত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিবলৈ বিবৃতিযোগে আহ্বান জনাইছিল ।

সংগঠনটোৰ এনে সকীয়নিৰ পিছতে নৰম স্থিতি গ্ৰহণ কৰা দেখা গৈছে মন্ত্ৰীগৰাকীক । দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দি কয় যে তেওঁ পৰেশ বৰুৱাক আঘাত দিব খোজা কোনো কথাই কোৱা নাছিল ৷ যদিহে তেওঁৰ কথাই পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে তেওঁ দুঃখিত বুলি উল্লেখ কৰিছে ৷

অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে সমিলমিলেৰে আগবাঢ়িব লাগিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী সঞ্জয় কিষাণৰ এই মন্তব্যৰ পাছতে আলফা(স্বাঃ)য়ে বিবৃতি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰে । ইয়াৰ উপৰিও তেওঁক ভৱিষ্যতে এনে ধৰণৰ তৰল মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :মোৰ কথাই যদি পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো: মন্ত্ৰী সঞ্জয় কিষান

Last Updated :May 15, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.