ETV Bharat / state

15 ডিচেম্বৰত দীঘলীপুখুৰীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিব অ'লা-উবেৰ চালক সন্থাই

author img

By

Published : Dec 13, 2020, 3:30 PM IST

15 ডিচেম্বৰত গুৱাহাটীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিব অ'লা-উবেৰ চালক সকলে ৷ প্ৰতিষ্ঠানে কৰা শোষণৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ন কৰিব চালকসকলে ৷
the-ola-uber-driving-association-will-implement-a-hunger-strike-in-dighalipukhuri-on-december-15
15 ডিচেম্বৰত দীঘলীপুখুৰীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিব অ'লা-উবেৰ চালক সন্থাই

গুৱাহাটী, 13 ডিচেম্বৰ : অ’লা-উবেৰ চালক সকলে 15 ডিচেম্বৰত দিঘলীপুখুৰীৰ পাৰত এক আমৰণ অনশন কাৰ্যসূচী পালন কৰিব ৷ অ’লা আৰু উবেৰ প্রতিষ্ঠানে চালকসকলক চলোৱা শোষণৰ বিৰুদ্ধে এই আন্দোলন গঢ়ি তুলিব চালকসকলে ৷ দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে অৱগত কৰে চালক সন্থাই ৷

উবেৰ চালকৰ মন্তব্য

চালক সকলৰ দাবী অনুসৰি, ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰা অ'লা-উবেৰ প্ৰতিষ্ঠানৰ কমিচন 10 শতাংশ লৈ হ্ৰাস কৰা, গাড়ী বুকিং কৰা ঠাইৰ পৰা মিটাৰ আৰম্ভ কৰা, কোনো গুৰুতৰ অভিযোগ নোপোৱা পৰ্যন্ত চালকৰ একাউন্ট বন্ধ কৰিব নোৱাৰাৰ লগতে বহুকেইটা দাবী পূৰণ কৰাৰ বাবে চালক সকলে আমৰণ অনশন কাৰ্যসূচী পালন কৰিব ৷

উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত বহু ক্ষতিৰ সন্মুখীন হৈছিল চালক সকল ৷ ইয়াৰ পৰৱৰ্তী সময়ত অ'লা-উবেৰ কৰ্তৃপক্ষই চালক সকলক চৰম বঞ্চনা কৰাৰ অভিযোগ উত্তাপন হৈছে ৷ সেয়ে কৰ্তৃপক্ষক সৈমান কৰাবলৈ এই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিব চালক সন্থাই ৷

লগতে পঢ়ক : CAA ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল জোনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.