ETV Bharat / state

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ আশাত পঞ্জীয়নভুক্ত ২০ লাখ নিবনুৱা

author img

By

Published : Oct 23, 2021, 3:53 PM IST

ক’ভিডকালীন পৰিস্থিতিয়ে ৰাজ্যৰ নিবনুৱা সমস্যাক আৰু অধিক ভয়াৱহ অৱস্থালৈ ঠেলি দিছে । চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিৰ চমকৰ মাজত নিযুক্তি তথা সংস্থাপনৰ পৰা বঞ্চিত ৰাজ্যৰ বিশ লক্ষাধিক নিবনুৱা । ৫২ টা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে দুটা বছৰত নিয়োগৰ সুবিধা পাইছে মাত্ৰ ১,২০৮ জন নিবনুৱাই । এটা সময়ত শিক্ষিত নিবনুৱাই কর্মসংস্থাপনৰ অভাৱত বিচ্ছিন্নতাবাদৰ আশ্ৰয় লৈছিল । ফলত অগ্নিগৰ্ভা হৈ পৰিছিল সমগ্ৰ ৰাজ্য ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

গুৱাহাটী, ২৩ অক্টোবৰ: যুৱ প্ৰজন্মৰ মনত আশাৰ সঞ্চাৰ কৰি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত বৰ্ধিত নিবনুৱা সমস্যাই ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে । ইফালে ক’ভিডকালীন পৰিস্থিতিয়ে উদ্যোগ, বাণিজ্য, অর্থনীতি, নিয়োগ আদিৰ ক্ষেত্ৰখনলৈ নমাই অনা বিপর্যয়ে ৰাজ্যৰ নিবনুৱা সমস্যাক অধিক ভয়াৱহ অৱস্থালৈ ঠেলি দিছে । উদ্যোগ, বাণিজ্যকে ধৰি অন্যান্য উৎপাদনী ক্ষেত্ৰসমূহত বিৰাজ কৰা অচলাৱস্থাৰ বাবে ৰাজ্যখনত কেইবাজনো যুৱ উদ্যোগীয়ে আত্মহত্যা কৰাৰ দৰে কৰুণ আৰু মর্মান্তিক ঘটনা সংঘটিত হৈছে । যি সময়ত উৎপাদনমুখী ক্ষেত্ৰত নিয়োজিত ব্যক্তি তথা উদ্যোগীৰ জীৱনলৈ মহামাৰীয়ে মহাসংকট নমাই আনিছে, সেই সময়ত আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখি দিশাহাৰা হৈ পৰিছে লাখ লাখ নিবনুৱা ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

চৰকাৰৰ হিতাধিকাৰীমূলক আঁচনিৰ চমকৰ মাজত নিযুক্তি তথা সংস্থাপনৰ পৰা বঞ্চিত হৈ অনিশ্চিত ভৱিষ্যতৰ আশংকাত আজি ৰাজ্যৰ বিশ লক্ষাধিক নিবনুৱাই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । স্কুলীয়া, কলেজীয়া, উচ্চ শিক্ষা, বৃত্তিমুখী শিক্ষা শেষ কৰাৰ পিচত ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাক সংস্থাপনৰ বাট দেখুওৱা তথা নিয়োগৰ সুবিধা কৰি দিয়াৰ পৰিবৰ্তে চৰকাৰে হিতাধিকাৰীমূলক আঁচনি গ্ৰহণ কৰাত সৰ্বাধিক ব্যস্ত হৈ পৰিছে । উৎপাদনশীল ব্যৱস্থাৰে স্বনিয়োজনৰ বাট দেখুওৱাৰ পৰিবৰ্তে একমাত্ৰ হিতাধিকাৰী সৃষ্টিত চৰকাৰখন ব্যস্ত হৈ পৰা বিষয়টোৱে নিবনুৱা সমস্যাটোক অধিক গম্ভীৰ কৰি তুলিছে । শাসনৰ দায়িত্বভাৰ লৈয়ে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে চৰকাৰখনে কুচকাৱাজ চলোৱাৰ সময়তে উন্মোচন হৈছে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ স্বৰূপটো ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী সঞ্চালকালয়ৰ তথ্য অনুসৰি অসমত পঞ্জীয়নভূক্ত নিবনুৱা হৈছে ২০,৮০,৭৬৭ জন । ইয়াৰ ভিতৰত শিক্ষিত নিবনুৱাৰ সংখ্যা হৈছে ১৭,৪৬,৬৭১ জন আৰু অৰ্ধশিক্ষিত (আণ্ডাৰ মেট্ৰিক) নিবনুৱাৰ সংখ্যা হৈছে ৩,৩৪,০৯৬ জন । কিন্তু নিয়োগ আৰু কাৰিকৰী সঞ্চালকালয়ৰ এই তথ্যৰ বিপৰীতে বাস্তৱ ছবিখনলৈ লক্ষ্য কৰিলে নিবনুৱাৰ এই সংখ্যা আৰু অধিক হ'ব । কাৰণ সকলোৱেই নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন নকৰে । তেনে পঞ্জীয়ন নোহোৱা নিবনুৱাৰ প্ৰকৃত সংখ্য নাই যদিও কেইবালাখ হ'ব । মন কৰিবলগীয়া বিষয় যে নিয়োগ আৰু সংস্থাপনৰ বাবে যাৱতীয় শিক্ষাৰে শিক্ষিত হোৱাৰ পিচতো লাখ লাখ যুৱক-যুৱতীয়ে বছৰৰ পিচত বছৰ ধৰি নিবনুৱাৰ শাৰীত দিন পাৰ কৰিবলগা হৈছে ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

চৰকাৰী তথ্য অনুসৰিয়ে বৰ্তমান সময়ত নিবনুৱাৰ শাৰীত আছে ৮৬৫ গৰাকী চিকিৎসা বিজ্ঞানৰ স্নাতক । অনুৰূপধৰণে ৩৪৫ গৰাকী পশু চিকিৎসা বিজ্ঞানৰ স্নাতক, ২৯৯ গৰাকী কৃষি স্নাতক, ১৭,৩১১ গৰাকী স্নাতকোত্তৰ উত্তীর্ণ, ৩,৩৩,৪২৮ গৰাকী স্নাতক, ৭,১৬,৩৬৯ গৰাকী উচ্চতৰ মাধ্যমিক উত্তীর্ণ ৫,৯৫,১৮৪ গৰাকী হাইস্কুল শিক্ষান্ত উত্তীর্ণ আৰু ৯,৫২১ গৰাকী ডিপ্লমাধাৰী শিক্ষিত নিবনুৱাই নিয়োগ, সংস্থাপনৰ পৰা বঞ্চিত হৈ আছে । ক’ভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিত নিবনুৱাৰ এনে পৰিসংখ্যাই উদঙাইছে আচলতে সমস্যা কিমান গম্ভীৰ । কিয়নো ক'ভিডকালীন পৰিস্থিতিৰ মাজতে যোৱা সময়ছোৱাত মৃত্যুমুখত পৰিছে ৰাজ্যৰ দহ হেজাৰ ক্ষুদ্ৰ উদ্যোগ । বর্তমানে আন ত্ৰিশ হেজাৰ ক্ষুদ্ৰ উদ্যোগ অতি শোচনীয় অৱস্থাত আছে । সমান্তৰালভাৱে পৰিবেশ-পৰিস্থিতিত কর্মসংস্থাপন হেৰুৱাই হেজাৰ হেজাৰ নিবনুৱাই আজি হাহাকাৰ কৰিবলগীয়া হৈছে ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নহয় স্থানীয় বিধায়কজনৰহে থাকে ভূমি পট্টা দিয়াৰ অধিকাৰ : অখিল

এডভান্টেজ আছাম অনুষ্ঠিত কৰি অসমৰ ৰাইজক ৬৫ হেজাৰ কোটি টকাৰ বিনিয়োগৰ সপোন দেখুওৱা চৰকাৰৰ কাৰ্যকালত আচলতে কিমান বিনিয়োগ হ’ল, কিমান উদ্যোগ স্থাপন হ’ল, সেয়া সকলোৰে অৱগত । এনে সময়তে ভূতৰ ওপৰত দানহ পৰাদি কোনো মহামাৰীয়ে দেশৰ লগতে ৰাজ্যৰ উদ্যোগ, বাণিজ্য, অর্থনীতি আদিকে ধৰি সকলো ক্ষেত্ৰৰ ৰাজহাড় ভাঙি পেলাইছে । দেশ তথা ৰাজ্যসমূহে সন্মুখীন হোৱা এনে দুঃসময়ৰ মাজত নিবনুৱাৰ নিয়োগ, সংস্থাপনৰ গুৰুদায়িত্বত থকা নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে । লক্ষ লক্ষ নিবনুৱাই এটা চাকৰিৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ জৰিয়তে সংস্থাপিত হোৱা প্ৰার্থীৰ পৰিসংখ্যা দেখিলে যিকোনো লোকেই আচৰিত হৈ পৰিব ।

State burdened with unemployment problem
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য

ৰাজ্যত থকা নিয়োগ বিনিময় কেন্দ্ৰৰ সংখ্যা হৈছে ৫২ টা । আশ্চৰ্যকৰ বিষয় এই ৫২ টা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিগত দুটা বছৰত নিয়োগৰ সুবিধা পাইছে মাত্ৰ ১,২০৮ জন নিবনুৱাই । অনুৰূপধৰণে আই টি আইৰ প্লেচমেন্ট চেলৰ জৰিয়তে দুটা বছৰত ১,৩৪৫ জনে আৰু চাকৰি মেলাৰ জৰিয়তে ১,৩৮৯ জন নিবনুৱাই সংস্থাপনৰ বাট বিচাৰি পাইছে । অসম চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ নল’লে এটা সময়ত যে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিব সেয়া সহজে অনুমেয় হৈ পৰিছে ।

উল্লেখ যে বিজেপি নেতৃত্বাধীন চৰকাৰে পোন প্ৰথমবাৰ ক্ষমতালৈ অহাৰ সময়ত বছৰত দুই লাখ নিবনুৱাক কর্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি নিৰ্বাচনী ঘোষণা ভিজন ডকুমেন্টতে আবদ্ধ হৈ থাকিল । দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ আহি প্ৰথম বছৰতে এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে । চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসৰি এক লাখ চাকৰি দিয়াৰ কুচ-কাৱাজ আৰম্ভ কৰিছে যদিও কিমানদূৰ ফলপ্ৰসূ হ'ব সেয়া সময়েহে ক'ব । কিন্তু বৰ্তমান সময়ত নিবনুৱা সমস্যাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে । লক্ষণীয় বিষয় যে এটা সময়ত শিক্ষিত নিবনুৱাই কর্মসংস্থাপনৰ অভাৱত বিচ্ছিন্নতাবাদৰ আশ্ৰয় লৈছিল । ফলত অগ্নিগৰ্ভা হৈ পৰিছিল সমগ্ৰ ৰাজ্য ।

লগতে পঢ়ক : নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে নেকি মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.