ETV Bharat / state

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে নেকি মুখ্যমন্ত্রীয়ে ?

author img

By

Published : Oct 23, 2021, 3:32 PM IST

প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক পত্র । নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী । মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ন ন আঁচনি ঘোষণা কৰি নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ ।

Congress alleges violation of election code of conduct against CM
নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে নেকি মুখ্যমন্ত্রীয়ে ?

গুৱাহাটী, ২৩ অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা স্বাক্ষৰিত স্মাৰক পত্ৰখনৰ যোগেদি নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনোৱা হয় ।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাৰ নেতৃত্বত যোৱা সজাতি দলটোত প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, মুখপাত্ৰ ৰূপক দাস, খগেন দাস, ৰাতুল কলিতা আৰু বহ্নি কলিতা, মিডিয়া সচিব মনালিছা হাজৰিকা বৰুৱা আৰু মিডিয়া আহ্বায়ক মুস্তাক গোলাম ওচমানি উপস্থিত আছিল । স্মাৰক পত্ৰযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ন ন আঁচনি ঘোষণা কৰি অতি নিৰ্লজ্জভাৱে নিৰ্বাচনী বিধি উলংঘা কৰিছে ।

মৰিয়নী সমষ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ অন্তৰ্গত ৪০ খন চাহ বাগিচাৰ বাবে কেতবোৰ আঁচনি ঘোষণা কৰিছে । ৪০ খন বাগিচাৰ প্ৰতিখন বাগিচাৰ বাবে ১ কৌটি টকাৰ পেকেজেৰে সৰ্বমুঠ ৪০ কৌটি টকা আবন্টনেৰে চাহ বাগিচা সমূহৰ পথ উন্নয়নৰ কথা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে চাহ বাগিচাত ১০ খন নতুন উচ্চ বিদ্যালয় নিৰ্মান কৰিব । আনহাতে ভৱানীপুৰ সমষ্টিৰ এখন নিৰ্বাচনী সভাত এগৰাকী ব্যক্তিলৈ আঙুলিয়াই তেওঁক PMAY আঁচনিৰ গৃহ দিয়া হব বুলি ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে এনেয়ে যিকোনো ব্যক্তিক গৃহ দিয়াৰ বাবে অনুমোদন দিব নোৱাৰে বুলি স্মাৰক পত্রত উল্লেখ কৰা হয় । থাওৰা সমষ্টিৰ ৫ খন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয় এখন নিৰ্মান কৰাৰ কথা ঘোষণা কৰিছে আৰু দুখন নদীৰ ওপৰত দুখন দলং নিৰ্মাণৰ কথা ঘোষণা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভা সমূহত বাৰে বাৰে মন্তব্য ৰাখি আহিছে যে এটা বিধানসভা সমষ্টিৰ উন্নতিৰ বাবে বিধায়কজন শাসকীয় পক্ষৰ হোৱাটো জৰুৰী ।

মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰিছে যে, বিৰোধী দলৰ যদি কোনোবা বিধায়কে বিজেপি দলত যোগদান কৰে তেন্তে সেই নির্দিষ্ট সমষ্টিৰ উন্নয়নৰ বাবে ২০০০ কৌটি টকীয়া পেকেজ দিয়া হ'ব । ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে দেশৰ সংবিধান সম্পূৰ্ণৰূপে উলংঘা কৰিছে বুলি প্ৰদেশ কংগ্ৰেছে স্মাৰক পত্ৰত উল্লেখ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ কৈছে যে, শাসকীয় দলত নাথাকিলে কোনো বিধায়কে সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰে ।

ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক মুকলিকৈ সকীয়াই দিছে যে, যদিহে তেওঁলোকে শাসকীয় দলৰ প্ৰাৰ্থীক ভোট নিদিয়ে তেন্তে তেওঁলোক সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব । এনেকৈয়ে মুখ্যমন্ত্রী গৰাকীয়ে বিৰোধীৰ ভূমিকাক নস্যাৎ কৰি একনায়ত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু ভাৰতবর্ষৰ গণতন্ত্ৰ বিপদাপন্ন কৰি তুলিব বিচাৰিছে বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰে ।

ৰাজ্যখনৰ সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবিধান প্ৰদত্ত নীতি-নিয়মক চূড়ান্ত অসন্মান, অৱজ্ঞা আৰু উপেক্ষা কৰিছে । নিৰ্বাচনী বিধি উলংঘা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা মন্তব্যক প্ৰদেশ কংগ্ৰেছে তীব্ৰ গৰিহণা দিছে । প্ৰদেশ কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অপৰাধত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰতি দাবী জনায় । লগতে উপ-নিৰ্বাচনলৈ বাকী থকা দিন সমূহত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈয়ো দাবী জনায় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ নহয় স্থানীয় বিধায়কজনৰহে থাকে ভূমি পট্টা দিয়াৰ অধিকাৰ : অখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.