ETV Bharat / state

তেলীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম

author img

By

Published : Apr 9, 2022, 3:31 PM IST

বৰ্দ্ধিত পেট্ৰ'ল-ডিজেলৰ দামে (fuel price hike) ৰাম টাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাৰ মাজত । কমক চাৰি প্ৰতিদিনে বাঢ়িহে গৈছে ইন্ধনজাত সামগ্ৰীৰ দাম । ইয়াৰ মাজতে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰতিক্ৰিয়া । মন্ত্ৰীগৰাকীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম ।

rameswar on fuel price
তেলীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম

গুৱাহাটী, ৯ এপ্ৰিল: চৰাদামে বিপাঙত পেলাইছে জনতাক । ইন্ধনজাত সামগ্ৰী বিশেষকৈ পেট্ৰ'ল-ডিজেলৰ দামে চেঞ্চুৰী অতিক্ৰম কৰাৰ পাছত সাধাৰণ জনতাৰ মনত এটাই প্ৰশ্ন কেতিয়া কমিব পেট্ৰ'ল-ডিজেলৰ মূল্য ? কিন্তু উত্তৰ নাই কাৰোৰে হাতত । খোদ কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও (Union minister of state Rameswar Teli) নোৱাৰিলে দিব উত্তৰ ।

তেলীয়ে নাজানে কেতিয়া কমিব তেলৰ দাম

পেট্ৰ'ল-ডিজেলৰ দাম কেতিয়া কমিব সেই কথা এতিয়াও স্পষ্টকৈ নাজানে কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদগৰাকীয়ে । শনিবাৰে CPA সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তেলৰ দাম কেতিয়া কমিব বুলি সাংবাদিকে কৰা প্ৰশ্নত কৌশলী মন্তব্য ৰামেশ্বৰ তেলীৰ ।

কেৱল অসমতে নহয় সমগ্ৰ বিশ্বতে বৃদ্ধি হৈছে তেলৰ দাম । আৰু ইয়াৰ কাৰণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে । তেওঁ লগতে উল্লেখ কৰে যে ষুদ্ধ শাম কাচিলেহে হ্ৰাস হ'ব পাৰে পেট্ৰ'ল-ডিজেলৰ দাম ।

লগতে বহিঃৰাজ্য পাঞ্জাাৱ আৰু হাৰিয়ানাটো তেলৰ দামৰ ষথেষ্ট তফাৎ থকাৰ কথা কৈ উল্লেখ কৰি কয় যে তেওঁ পাঞ্জাৱ চৰাকাৰক এই ক্ষেত্ৰত আবেদন কৰে ।

লগতে পঢ়ক: কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.