ETV Bharat / state

কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Apr 8, 2022, 10:45 PM IST

70 শতাংশ ভাড়া বৃদ্ধি কৰাৰ যুক্তি গ্ৰহণযোগ্য নহয় । ক'ৰবাত কোনোৱে ভাড়া বেছিকৈ লোৱাৰ অভিযোগ পৰিবহণ বিভাগক দিলেই বাতিল হ'ব বাহনৰ অনুজ্ঞাপত্ৰ । পেট্ৰ'ল-ডিজেলৰ দাম সদায় একে নাথাকে । এতিয়া কিছু বৃদ্ধি পাইছে যদিও পাছত কমি যাব । মুঠৰ ওপৰত এতিয়া ভাড়া বৃদ্ধি নহয় (Chandra Mohan Patowary on bus fare hike) । এই মন্তব্য পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

Chandra Mohan Patowary on bus fare increase
কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

গুৱাহাটী, 8 এপ্ৰিল: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সদৌ অসম মটৰ পৰিবহণ সন্থ‍াই বাছ ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ দাবী জনাইছে (Demand for increasing bus fair by 70 percent)। এই সন্দৰ্ভত সন্থাই চৰকাৰৰ ওচৰত আবেদন জনাইছে । কিন্তু সন্থাৰ এই আবেদনক একপ্ৰকাৰ নাকচ কৰিছে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি কৰিব নোৱাৰিব সদৌ অসম মটৰ পৰিবহন সন্থাই ।

শুকুৰবাৰে মালিক সন্থাক তীব্ৰ সকীয়নি দিয়ে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary on bus fare hike) । পাটোৱাৰীয়ে কয় যে, এইটো উচিত সময় নহয় । যদি ক'ৰবাত কোনোৱে ভাড়া বেছিকৈ লয় তেন্তে পৰিবহণ বিভাগক অভিযোগ দিলেই বাতিল হ'ব বাহনৰ অনুজ্ঞাপত্ৰ । তেওঁ কয় যে পেট্ৰ'ল-ডিজেলৰ দাম সদায় একে নাথাকে । এতিয়া কিছু বৃদ্ধি পাইছে যদিও পাছত কমি যাব । মুঠৰ ওপৰত এতিয়া ভাড়া বৃদ্ধি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৭০ শতাংশ ভাড়া বৃদ্ধি কৰাৰ যুক্তি গ্ৰহণযোগ্য নহয় ।

উল্লেখ্য যে, শুকুৰবাৰে জিলা পৰিবহণ বিষয়াসকলৰ সৈতে পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে এখন সন্মিলনত অংশগ্ৰহণ কৰে । অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠক অন্তত মন্ত্ৰী পাটোৱাৰীয়ে বাছৰ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Transport minister Chandra Mohan Patowary) ।

লগতে পঢ়ক: বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.