ETV Bharat / state

Yogendra Yadav : কুকি উগ্ৰপন্থীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গোপন বুজাবুজিৰ অভিযোগ যোগেন্দ্ৰ যাদৱৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 5:44 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে যোগেন্দ্ৰ যাদৱ ৷ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ গোপন বুজাবুজি থকাৰ অভিযোগ ৷

Political Activist Yogendra Yadav in Guwahati
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ যোগেন্দ্ৰ যাদৱ

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ গোপন বুজাবুজি আছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপত এই কথা স্পষ্ট হৈ পৰিছে ৷ এই অভিযোগ ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় সমন্বয়ক যোগেন্দ্ৰ যাদৱৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে যোগেন্দ্ৰ যাদৱ ৷

মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, বিগত ৫ মাহ ধৰি মণিপুৰত সংঘৰ্ষ চলি আছে ৷ এইয়া সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, এয়া গৃহযুদ্ধ ৷ ইয়াৰ আৰম্ভণিতে ৰাজনীতি আছে আৰু ইয়াক নিয়ন্ত্ৰণ নকৰাটো এটা ৰাজনীতি ৷ ইয়াৰ বাবে মণিপুৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ লগতে কেন্দ্ৰীয় চৰকাৰ দায়ী বুলি মন্তব্য কৰি তেওঁ কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কুকি উগ্ৰপন্থীৰ গোপন বুজাবুজি আছে সেই কথা মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপত স্পষ্ট হৈ পৰিছে ৷

ইফালে উত্তৰ-পূৰ্বাঞ্চলত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ মেনেজাৰ আখ্যা দিয়ে যোগেন্দ্ৰ যাদৱে ৷ এসময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে জৱাহৰলাল নেহেৰুৰ দৰে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছিল, কিন্তু এতিয়া পট পৰিৱৰ্তন হৈছে ৷ এতিয়া দিল্লীৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰে বুলি মন্তব্য সমাজকৰ্মী তথা ভাৰত জোড়ো অভিযানৰ ৰাষ্ট্ৰীয় সমন্বয়ক যাদৱৰ ৷

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বৃহৎ কেলেংকাৰীৰ যি অভিযোগ আছে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত হব লাগে বুলি দাবী কৰে নেতাজনে ৷ প্ৰকৃত সত্য ৰাইজে জানিব লাগে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, আমাৰ সন্দেহ হৈছে মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ প্ৰস্তুত চলাইছে ৷

ভাৰতক ৰক্ষা কৰিবলৈ অসমৰ পৰাই ৰাজনৈতিক পৰিৱৰ্তন আৰম্ভ হৈছে বুলি উল্লেখ কৰি সমাজকৰ্মীজনে কয় যে, ২৯ ছেপ্টেম্বৰত ভাৰত জোড়ো অভিযানৰ 'জিতেগা ইণ্ডিয়া' শীৰ্ষক এক অভিৱৰ্তন দিল্লীত অনুষ্ঠিত হ’ব ৷ এই অভিৱৰ্তনত বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠন, সচেতন ৰাইজে অংশগ্ৰহণ কৰিব ৷ ১২৫ পৰা ১৫০ টা সমষ্টি চিনাক্ত কৰি তাত স্থানীয় লোকৰ সৈতে সেই সমষ্টিৰ সমস্যাৰ বুজ লোৱা হ’ব ৷ বিজেপিৰ ট্ৰল চেলৰ বিপৰীতে আমি ট্ৰুথ আৰ্মি সৃষ্টি কৰিম বুলি কয় তেওঁ ৷ আমি ট্ৰুথ আৰ্মিৰ লগতে কমিউনিকেচন উইং গঠন কৰিম বুলি মন্তব্য কৰে তেওঁ ৷

যোগেন্দ্ৰ যাদৱে কয় যে, বিজেপিয়ে শাসন চলাবলৈ একমাত্ৰ অস্ত্ৰ হিচাপে লৈছে ধন আৰু উন্নত যোগাযোগ ব্যৱস্থাক ৷ বিজেপিৰ সৈতে ধন বল আছে ৷ আমাৰ সৈতে প্ৰকৃত সত্য আছে ৷ ইণ্ডিয়া মহাজোঁটক বিজেপিয়ে ভয় খাইছে বাবে দেশৰ প্ৰধানমন্ত্ৰী কোন হ’ব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷ তেওঁ লগতে কয় বিশ্বৰ ভিতৰত ভাৰতবৰ্ষ এখন দেশ, যত নিৱনুৱাৰ হাৰ ৪৫ শতাংশ ৷ ভাৰতবৰ্ষত ১৮-২৫ বছৰ বয়সলৈ শিক্ষিত নিৱনুৱাৰে ভৰি পৰিছে ৷ এই বৃহৎ সমস্যাক আওকাণ কৰিছে বিজেপি চৰকাৰে ৷ বিজেপিক আঁতৰাই সংবিধান ৰক্ষা কৰি দেশ ৰক্ষা কৰিব লাগিব ৷ দেওবাৰে গুৱাহাটীত হোৱা ভাৰত জোড়ো যাত্ৰাৰ অভিৱৰ্তনত অসমৰ পৰা ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে বুলি মন্তব্য কৰে তেওঁ ৷

তেওঁ লগতে কয় যে, দেশৰ বুনিয়াদ, সংবিধান গণতন্ত্ৰ, ন্যায়িক ব্যৱস্থাৰ ওপৰত আক্ৰমণ চলি আছে ৷ এই আক্ৰমণ বাহিৰৰ পৰা হোৱা নাই, দেশৰ মূল উৎসৰ পৰা এই আক্ৰমণ চলিছে ৷ ভাৰত জোড়ো যাত্ৰা অভিযানে INDIAৰ লগত একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিবৰ বাবে প্ৰস্তুতি চলাইছে ৷ আমাৰ অভিযানত সৈতে ডেৰ শতাধিক দল সংগঠনে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে ৷ কংগ্ৰেছ দলে নিজৰ কাম কৰি আছে ৷ কিন্তু আমি দেশৰ জনগণৰ কল্যাণৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহিছো ৷ সংবিধান আৰু গণতন্ত্ৰক এইখন দেশত হত্যা কৰা হৈছে ৷ ২০২৪ চনত লোকতন্ত্ৰ, সংবিধান ৰক্ষা কৰিবৰ বাবে আৰু বিজেপিক পৰাভূত কৰিবলৈ আমি সংকল্প লব লাগে বুলি মন্তব্য কৰে যোগেন্দ্ৰ যাদৱে ৷

লগতে পঢ়ক : Congress AIUDF alliance : AIUDF ৰ লগত কংগ্ৰেছৰ কোনো কাৰণতে মিত্ৰতা নহয়; কমলাক্ষ দে’ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.