ETV Bharat / state

Vande Bharat Express: অসমবাসীলৈ উপহাৰ; গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাত্ৰা আৰম্ভ বন্দে ভাৰত এক্সপ্ৰেছৰ

author img

By

Published : May 29, 2023, 8:18 PM IST

অসমত উদ্বোধন কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি সংযোগী এই এক্সপ্ৰেছখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী ফ্লেগ অফ কৰে (Assam first Vande Bharat Express train) ৷

Assam first Vande Bharat Express train
গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ বন্দে ভাৰত এক্সপ্ৰেছ

গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ বন্দে ভাৰত এক্সপ্ৰেছ

গুৱাহাটী, ২৯ মে’ : উত্তৰ-পূববাসীৰ বাবে মুকলি হ’ল প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৷ গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি সংযোগী এই ৰে’লখন সোমবাৰে ভাৰ্চুৱেলী ভিডিঅ’ কনফাৰেন্সিংযোগে ফ্লেগ অফ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Assam first Vande Bharat Express train)৷

প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে ভাৰত এক্সপ্ৰেছখন উদ্বোধন কৰি কয়, "সেৱাৰ মনোভাৱেৰে কাম কৰিলে কেনেধৰণৰ পৰিৱৰ্তন আহে তাৰ সাক্ষী উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগ । এই এক্সপ্ৰেছখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক অধিক মজবুত কৰিব (Narendra Modi flag off Vande Bharat Express )। উত্তৰ-পূৰ্বাঞ্চলৰ নগালেণ্ড, মণিপুৰ, মিজোৰাম, ছিকিম, মেঘালয় ৰাজধানী বাকী ৰাজ্যৰ লগত সংযোগ কৰাৰ কাম তীব্ৰ গতিত চলি আছে । উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী, বাণিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰত বন্দে ভাৰত এক্সপ্ৰেছে অধিক সুবিধা প্ৰদান কৰিব ৷ এই বন্দে ভাৰত এক্সপ্ৰেছ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ পশ্চিমবংগক সংযোগ কৰা তৃতীয় বন্দে ভাৰত আৰু অসম আৰু মেঘালয়ৰ প্ৰায় ৪২৫ কিলোমিটাৰ ট্ৰেকত বিদ্যুৎকৰণৰ কাম সম্পূৰ্ণ হৈছে ।"

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰ যে, 28 মে’ত ভাৰতবাসীয়ে এটা নতুন অত্যাধুনিক সংসদ ভৱন পালে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিউ বঙাইগাঁও- দুধনৈ- মেন্দিপাথাৰ আৰু গুৱাহাটী- চাপৰমুখ সযোগী নতুনকৈ বৈদ্যুতিকৰণ কৰা শাখাসমূহো দেশবাসীৰ বাবে অতি সোনকালেই মুকলি কৰিব ৷ ইয়াৰোপৰি লামডিঙত নতুনকৈ নিৰ্মিত DEMU আৰু MEMU চেডসমূহো উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

এই নতুন ৰে’ল সেৱাৰ জৰিয়তে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ৪১১ কিলোমিটাৰ দূৰত্ব ৫ ঘণ্টা ৩০ মিনিটত অতিক্ৰম কৰিব পাৰিব ৷ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল সেৱা সপ্তাহত ছয়দিন চলিব । ৫৩০ জন লোকৰ বহিব পৰাকৈ আঠটা ডবাৰে সুসজ্জিত এই ৰে’লখন ৷ এইখন এক্সপ্ৰেছেই ৰে’লখণ্ডৰ দ্ৰুততম ৰে’ল ৷ এই এক্সপ্ৰেছে তথ্য প্ৰযুক্তি বৃত্তিধাৰী, ব্যৱসায়ী, শিক্ষাৰ্থী আৰু পৰ্যটকসকলক লাভান্বিত কৰিব ।

আনহাতে, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয়, "বৈদ্যুতিক ৰে’ল পথ থকা দেশৰ বিভিন্ন স্থানত জুন মাহৰ ভিতৰত সংযোজিত হ’ব বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সকলো ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আহিছে । ২০১৪ চনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৰে’ল খণ্ডত ২ হাজাৰ কোটি টকা বাজেট আৱন্টন দিয়া হৈছিল । এতিয়া নৰেন্দ্ৰ মোদীয়ে পাঁচ গুণ বৃদ্ধি কৰি ১০ হাজাৰ ২০০ কোটি টকা আৱন্টন দিছে । তাৰ বাবে ৰে’লখণ্ডত উন্নয়ন তীব্ৰ গতিত হৈছে ।"

লগতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবত ১,৬১৮ কিলমিটাৰ ৰে’ল লাইন নিৰ্মাণ কৰিছে । উত্তৰ-পূবৰ গুৱাহাটীৰ লগতে দেশৰ ৫৯ টা ৰে’লৱে ষ্টেচন বিশ্বৰ দৰবাৰত জাকত জিলিকা কৰি তোলা হ’ব । তদুপৰি পৰ্যটকৰ বাবে পাঁচখন ভিষ্টাডম অনাগত দিনত উদ্বোধন কৰা হ’ব ৷

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ামতে দেশৰ সীমান্ত অঞ্চলবোৰত ৰে’ল সংযোগৰ বাবে ১১,২০০ টা ছাইট ইতিমধ্যে চিনাক্ত কৰা হৈছে । ইয়াৰ বাবে ৮,৬০০ কোটি টকা আৱন্টন দিয়া হৈছে । তীব্ৰ গতিত সেই ছাইটসমূহত কাম চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

একে সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত (Assam CM on Vande Bharat Express )। এই বন্দে ভাৰত ৰে’লে প্ৰথমবাৰৰ বাবে পশ্চিম বংগ আৰু অসমক সংযোগ কৰিব । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Vande Bharat Express: সোমবাৰে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ভার্চুৱেলি শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.