ETV Bharat / state

Vande Bharat Express: সোমবাৰে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ভার্চুৱেলি শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : May 28, 2023, 10:54 PM IST

Updated : May 29, 2023, 6:29 AM IST

সোমবাৰে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভার্চুৱেলি বন্দে ভাৰত এক্সপ্লেছ ৰে'লৰ শুভাৰম্ভণি কৰাৰ উপৰিও অসমৰ লামডিঙত নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰাৰ লগতে 182 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰেল খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে (Vande Bharat Express) ৷

Vande Bharat Express
অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ভার্চুৱেলি শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটী, 28 মে' : অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে সোমবাৰৰ দিনটো এক ঐতিহাসিক দিন ৰূপে পৰিগণিত হ'ব ৷ সোমবাৰে অসমৰ পৰা প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে ভার্চুৱেলি বন্দে ভাৰত এক্সপ্লেছ ৰে'লৰ শুভাৰম্ভণি কৰাৰ উপৰিও অসমৰ লামডিঙত নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰাৰ লগতে 182 কিলোমিটাৰ দৈৰ্ঘৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰেল খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব (PM Modi To Flag Off Assam First Vande Bharat Express) ৷

অসমলৈ অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ আগমনৰ লগে লগে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ আৰু অসমৰ জনসাধাৰণে দ্ৰুত গতিবেগ আৰু আৰামেৰে ৰে'লযোগে ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ৷ ছেমি হাই স্পীড ৰে'লখনত সকলো শেহতীয়া অত্যাধুনিক সুবিধা আছে, ভ্ৰমণৰ সময়ত উত্তৰ-পূবৰ যাত্ৰীসকলে চলিত ৰেল ভ্ৰমণৰ পাৰ্থক্যটো ভালদৰে অনুভৱ কৰিব পাৰিব ৷ এই ৰে'লখন অসমৰ কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ জিলা আৰু বংগৰ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু জলপাইগুড়ি জিলাৰ মাজেৰে অতিক্ৰম কৰিব ৷ এই বিশাল অঞ্চলৰ লোকসকলে আৰামেৰে আধুনিক ৰেল ভ্ৰমণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব (Assam First Vande Bharat Express Train) ৷

নিউ জলপাইগুড়ি-গুৱাহাটী খণ্ডত আটাইতকৈ দ্ৰুততম এই ৰে'লখন দ্বাৰা বিদ্যমান ৰে'ল যাত্ৰাৰ সময় প্ৰায় এঘণ্টা হ্ৰাস পাব ৷ বিভিন্ন কর্মক্ষেত্ৰৰ লোকসকলে এই ৰেলসেৱাৰ পৰা উপকৃত হ'ব ৷ এই অঞ্চলৰ বাণিজ্য, পর্যটন আৰু পৰ্যটনৰ দৰে খণ্ডসমূহো যথেষ্ট লাভান্বিত হ'ব ৷ 02228 (গুৱাহাটী-নিউ জলপাইগুড়ি) বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী চলাচল 29 মে'ৰ দিনৰ 12 বজাত গুৱাহাটীৰ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 6 বজাত নিউ জলপাইগুড়িত উপস্থিত হ'ব ৷ উদ্বোধনী যাত্ৰাৰ সময়ত ৰে'লখনৰ কামাখ্যা, ৰঙিয়া, নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু ধূপগুড়ীত ষ্টপেজ থাকিব (Vande Bharat Express Train) ৷

ৰে'ল নং- 22228/22227 (গুৱাহাটী- নিউ জলপাইগুড়ি- গুৱাহাটী) বন্দে ভাৰত এক্সপ্ৰেছৰ নিয়মীয়া সেৱা 31 মে'ৰ পৰা আৰম্ভ হ'ব ৷ মঙলবাৰৰ বাহিৰে ৰে'লখন সপ্তাহত ছয়দিন চলিব ৷

ৰে'ল নং 22227 (নিউ জলপাইগুড়ি-গুৱাহাটী) বন্দে ভাৰত এক্সপ্ৰেছ 31 মে'ৰ পৰা 06:10 বজাত নিউ জলপাইগুড়িৰ পৰা প্ৰস্থান কৰিব আৰু 11:40 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব ৷ উভতনি যাত্ৰাৰ দিশত ৰেল নং 22228 (গুৱাহাটী-নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ 31 মে'ৰ পৰা 16:16 বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি 22:০০ বজাত নিউ জলপাইগুড়িত গৈ উপস্থিত হ'ব ৷ উভয় যাত্ৰা পথত ৰে'লখনৰ কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব (Vande Bharat Express) ৷

ৰে'লখনৰ ওৱান ৱে যাত্ৰাত বন্দে ভাৰত এক্সপ্ৰেছে 5 ঘণ্টা 30 মিনিটত 411 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব ৷ আঠটা ডবাযুক্ত ৰে'লখনত 530 খন বহা আসন আছে ৷ ৰে'লখনত এটা এগজিকিউটিভ ক্লাছ, পাঁচখন চেয়াৰ কাৰ আৰু দুটা ড্ৰাইভাৰ ট্ৰেইল কোচৰ ব্যৱস্থা আছে ৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 91.03 কিলোমিটাৰ দৈর্ঘ্যৰ নিউ বঙাইগাঁও-দুধনৈ-মেন্দিপাথাৰ নৱ নিৰ্মিত বৈদ্যুতিকৰণ খণ্ডটো ৰাষ্ট্ৰলৈ উৎসর্গা কৰিব ৷ এই খণ্ডটোৰ বৈদ্যুতিকৰণৰ সৈতে বৈদ্যুতিক ট্রেক্সন সহিত মালবাহী আৰু যাত্ৰীবাহী ৰে'ল এতিয়া দেশৰ যিকোনো প্ৰান্তৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব ৷

সেইদৰে গুৱাহাটী-চাপৰমুখৰ 91 কিলোমিটাৰ নৱ নিৰ্মিত বৈদ্যুতিকৰণ কৰা ৰেল খণ্ডটোও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব ৷ ৰাজধানী ৰে'লৰ ৰে'ল মাৰ্গৰ এই ৰে'ল খণ্ডৰ বৈদ্যুতিকৰণে প্ৰদূষণমুক্ত পৰিবহন, ৰে'লৰ উচ্চ গতিবেগ, ৰে'ল চলাচলৰ সময় হ্ৰাস আৰু ৰে'ল পৰিচালনাৰ ব্যয় হ্ৰাস কৰিব ৷

আনহাতে শেহতীয়াকৈ লামডিঙত নিৰ্মাণ কৰা এটা নতুন ডেমু/মেমু শ্বেডো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৷ লামডিং হৈছে নাগালেণ্ড,মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ আৰু অসমৰ কিছু অংশৰ দৰে পাহাৰীয়া উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ ৷ এই নতুন ৰে'ল ভ্ৰমণৰ সুবিধাটোৱে এই অঞ্চলত চলি থকা ডেমু ৰেকবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে সহায়ক হ'ব ৷ যাৰ ফলত উন্নত কার্যকৰী ৰে'ল পৰিবহণৰ সম্ভাৱনীয়তা আৰু যাত্ৰী সকলৰ সুবিধা বৃদ্ধি হ'ব ৷

লগতে পঢ়ক: Kamrup News: ৰঙিয়াত অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা

Last Updated :May 29, 2023, 6:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.