Kamrup News: ৰঙিয়াত অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ বাৰ্ষিক সাধাৰণ সভা

By

Published : May 28, 2023, 8:45 PM IST

thumbnail

ৰঙিয়া,২৮ মে': ৰঙিয়াত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতিৰ (Integrated Childrens Education Committee) ২০২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আৰম্ভ । দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনত আৰম্ভ হৈছে এই অনুষ্ঠান । সভাখনৰ আৰম্ভণি কৰা হয় বন্তি প্ৰজ্জ্বলন আৰু বন্দনাৰে (Childrens Education Committee Meeting) ।  

সভাখনত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি,অসমৰ উপ সভাপতি ড০ ৰামানন্দ দাসে । সভাপতিৰ আসন গ্ৰহণৰ পাচতেই আদৰণি ভাষণ পাঠ কৰে পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে । সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ  স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা ।  

সমিতিৰ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে বাৰ্ষিক সাধাৰণ সভাৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । দুদিনীয়াকৈ আয়োজিত অধিবেশনৰ অন্তিম দিনা বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে অসমৰ বিভিন্ন উপ-সমিতিসমূহৰ প্ৰমুখসকলে নিজ নিজ আঁচনি সম্পৰ্কত প্ৰতিবেদন দাখিল আৰু বক্তব্য ৰাখিব । 

লগতে পঢ়ক: Alcoholic police: পুৱাই লালমাতিত এটুপি ধৰি ঢলং-পলং আৰক্ষী জোৱান

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.