ETV Bharat / state

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ ল’লে কেইবাটাও বিৰোধী দলৰ নেতৃত্বই

author img

By

Published : Sep 5, 2022, 10:13 PM IST

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ লগতে অন্যান্য শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিলে ৰাজ্যৰ কেইবাটাও বিৰোধী দলৰ নেতৃত্বই (Opposition visits govt school in Guwahati) ৷ শিক্ষক দিৱসৰ দিনটোৰ পৰাই আৰম্ভ কৰা এই কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷

Opposition visits govt school in Guwahati
চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ ল’লে কেইবাটাও বিৰোধী দলৰ নেতৃত্বই

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ৰাজ্যৰ ৯ টা বিৰোধী দল ক্ৰমে কংগ্ৰেছ, এন চি পি, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই(এম), চি পি আই(এম-এল), ৰাইজৰ দল, আঞ্চলিক গণ-মৰ্চা আৰু আৰ জে ডিৰ নেতৃবৃন্দই যৌথভাৱে সোমবাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ অভিযান আৰম্ভ কৰে । বিৰোধী দলৰ এই ঐক্যবদ্ধ অভিযান অহা দিনকেইটাতো গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত চলিব বুলি নেতৃবৃন্দই এক বিবৃতিৰ জৰিয়তে জনায় (Opposition visits govt school in Guwahati)।

শিক্ষক দিৱসৰ(Teachers day 2022) দিনটোত আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ শিক্ষক সমাজক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও তেওঁলোকৰ অভাৱ-অভিযোগৰ প্ৰতিও সহমৰ্মিতা প্ৰকাশ কৰে । উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্যৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন অজুহাতত চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহ ঢাপে ঢাপে বন্ধ কৰাৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ আৰু বাস্তৱ পৰিস্থিতিৰ বুজ লোৱাৰ বাবেই এই অভিযান আজিৰে পৰা আৰম্ভ কৰা হৈছে ।

সোমবাৰে প্ৰথমে ১৮৩৫ চনত স্থাপিত অসমৰ প্ৰথমখন ঐতিহ্যমণ্ডিত বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়(Cotton Collegiate HS School) আৰু ১৯৩০ চনত স্থাপিত তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একালত অধ্যয়ন কৰা কামৰূপ একাডেমীলৈ(Kamrup Academy Guwahati) গৈ শিক্ষানুষ্ঠান দুখনৰ অৱস্থাৰ বুজ লয় ।

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ ল’লে কেইবাটাও বিৰোধী দলৰ নেতৃত্বই

বিৰোধী দলৰ প্ৰতিনিধি দলটোত আছিল আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা(MP Ajit Kumar Bhuyan), কংগ্ৰেছ দলৰ মেহদি আলম বৰা, এন চি পিৰ সভাপতি ধীৰেন অধিকাৰী আৰু সাধৰণ সম্পাদক পৰেশ বৰুৱা, অসম জাতীয় পৰিষদৰ অমৃত খাটনিয়াৰ, চি পি আইৰ বিপুল তালুকদাৰ, চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰসহ ইছফাকুৰ ৰহমান আৰু নিৰংকুশ নাথ, চি পি আই(এম-এল)ৰ নৰেন বৰা, পংকজ দাস আৰু সুব্ৰত তালুকদাৰ, ৰাইজৰ দলৰ ৰাছেল হুছেইন, আৰ জে ডিৰ কামাখ্যা পাণ্ডে প্ৰমুখ্য নেতৃবৃন্দ ।

ৰাজধানী চহৰ গুৱাহাটীৰ মাজমজিয়াত থকা দুখনকৈ অতি পুৰণি চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ দুৰৱস্থা দেখি বিৰোধী দলসমূহৰ নেতৃবৃন্দ হতভম্ব হয় । ৰাজ্যৰ অন্যান্য অঞ্চলৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ অৱস্থা সহজেই অনুমেয় । এই পৰিস্থিতিত চৰকাৰী খণ্ডৰ ৰাজহুৱা শিক্ষানুষ্ঠানবোৰৰ আন্তঃগাঁথনিৰ উন্নয়ন, চাহিদা অনুপাতে শিক্ষক নিযুক্তি, শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা আদি কৰাৰ সলনি ৰাজ্য চৰকাৰে নানান অজুহাতত শিক্ষানুষ্ঠান বন্ধ তথা শিক্ষাৰ বেচৰকাৰীকৰণ তথা বাণিজ্যিকীকৰণৰ নীতি গ্ৰহণ কৰিছে(Govt school shut down in Assam) ।

প্ৰতিনিধি দলটোৱে অভিমত প্ৰকাশ কৰে যে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকি ৰাখি স্কুল বন্ধ তথা শিক্ষানুষ্ঠান একত্ৰীকৰণৰ বাবে আগবঢ়োৱা যুক্তি মুঠেই গ্ৰহণযোগ্য নহয় । নিয়মীয়া চৰকাৰী তদাৰকী ব্যৱস্থাৰ অভাৱতো শিক্ষানুষ্ঠানসমূহৰ অৱস্থা শোচনীয় হৈছে । সেয়ে চৰকাৰী প্ৰচাৰ আৰু বাস্তৱ পৰিস্থিতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য বুলি দলসমূহে মত প্ৰকাশ কৰে । আগন্তুক সময়ত ক্ষেত্ৰভিত্তিক অধ্যয়ন সমাপ্ত কৰি ৰাজহুৱা শিক্ষাৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ দাবীত বিৰোধী দলসমূহে যৌথভাৱে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিব বুলি বিৰোধী দলৰ নেতাসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ দিনাই বোকাখাতত শিক্ষক বিচাৰি অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.