ETV Bharat / state

Covid vaccine in Assam : ৰাজ্যৰ ১৪ শতাংশইহে লৈছে কোভিডৰ সতর্কতামূলক পালি

author img

By

Published : Jan 17, 2023, 2:26 PM IST

Covid vaccine in Assam
ৰাজ্যৰ ১৪ শতাংশইহে লৈছে কোভিডৰ সতর্কতামূলক পালি

অসমৰ মাত্ৰ 14 শতাংশইহে গ্ৰহণ কৰিছে কোভিড ভেকচিনৰ সতর্কতামূলক পালি (Covid vaccine booster dose)।

গুৱাহাটী, 17 জানুৱাৰী : কোভিড-১৯ ভেকচিনৰ বুষ্টাৰ ড’জ বা সতর্কতামূলক পালি গ্ৰহণৰ ক্ষেত্ৰত দেশৰ প্ৰায়বোৰ ৰাজ্যৰ লগতে অসমৰ প্ৰদৰ্শনো মুঠেই সন্তোষজনক নহয় (Covid 19)। বুষ্টাৰ ড’জ গ্ৰহণৰ বাবে যোগ্য ১৮ বছৰ ঊৰ্দ্ধৰ ৰাজ্যৰ মুঠ জনসাধাৰণৰ মাত্ৰ 14 শতাংশইহে গ্ৰহণ কৰিছে কোভিড ভেকচিনৰ সতর্কতামূলক পালি (Covid vaccine booster dose)। শেহতীয়াকৈ চীনত কোভিডৰ ব্যাপক সংক্রমণ তথা বিশ্বৰ ভালেকেইখন দেশৰ লগতে ভাৰততো কোভিড ৰোগৰ প্ৰাদুৰ্ভাৱ পুনৰ আৰম্ভ হৈছে ।

Covid vaccine in Assam
ৰাজ্যৰ ১৪ শতাংশইহে লৈছে কোভিডৰ সতর্কতামূলক পালি

চৰকাৰে ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো নাগৰিকক কোভিড ভেকচিনৰ সতর্কতামূলক পালি ল'বলৈ আহ্বান জনাই থকা সত্ত্বেও এই ক্ষেত্ৰত বিশেষ সঁহাৰি লাভ কৰা নাই কেন্দ্ৰীয় চৰকাৰে । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত বুষ্টাৰ ড’জ গ্ৰহণৰ বাবে যোগ্য ১৮ বছৰ ঊৰ্দ্ধৰ অসমৰ মুঠ জনসাধাৰণৰ মাত্র ১৪.১ শতাংশইহে কোভিড ভেকচিনৰ সতর্কতামূলক পালি গ্রহণ কৰিছে । বয়সৰ দিশৰ পৰা বিশ্লেষণ কৰিলে অসমৰ ৬০ বছৰ ঊৰ্দ্ধৰ ৪৩:৬ শতাংশ জ্যেষ্ঠ নাগৰিকে সতর্কতামূলক পালি গ্ৰহণ কৰিছে যদিও ১৮-৫৯ বছৰ বয়সৰ মাত্ৰ ১০ শতাংশহে সৰ্তকতামূলক পালি গ্ৰহণ কৰিছে ।

কোভিডৰ সতর্কতামূলক পালি গ্ৰহণৰ ক্ষেত্ৰত আটাইতকৈ কম সফলতা অর্জন কৰা ৰাজ্যসমূহৰ ভিতৰত আছে অসম । অসমৰ পিছতেই তালিকাত আছে কেৰালা, মহাৰাষ্ট্ৰ, হাৰিয়ানা, পঞ্জাৱ, ঝাৰখণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আনকেইখন ৰাজ্য । আনহাতে, তালিকাৰ শীৰ্ষত আছে ক্রমে তেলেংগানা, অন্ধ্রপ্রদেশ, হিমাচল প্ৰদেশ, ওড়িশা আদি ৰাজ্য । এই ৰাজ্যকেইখনত ১৮ বছৰ উৰ্দ্ধৰ ৪০-৪৭ শতাংশ ব্যক্তিয়ে কোভিড ভেকচিনৰ সতর্কতামূলক পালি গ্রহণ কৰিছে ।

আনহাতে, বাকীকেইখন ৰাজ্যত এই হাৰ ১৫-৩৯ শতাংশ । ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National health mission), অসমৰ চলিত মাহৰ ৪ জানুৱাৰীৰ তথ্য অনুসৰি ৰাজ্যখনত কোভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা ২,৪৮,১১,৪৭১ জন । আনহাতে, ২,২১,৩১,৭০৬ জনে কোভিডৰ দ্বিতীয় পালি ভেকচিন গ্রহণ কৰিছে । ইয়াৰ বিপৰীতে কোভিড ভেকচিনৰ সতর্কতামূলক পালি গ্রহণ কৰিছে ৩৩,৪৩,০৪৫ জনে ।

সম্প্রতি ৰাজ্যখনত প্রতিদিনে প্ৰায় ডেৰশ জনৰহে কোভিড পৰীক্ষা সম্পন্ন কৰি থকা হৈছে (Covid 19 test)। অৱশ্যে যোৱা দিনকেইটাত ৰাজ্যত এজনো কোভিড ৰোগী ধৰা পৰা নাই ।

লগতে পঢ়ক : kharupetia wholesale vegetable market: পাচলিৰ উচিত মূল্য নাপাই হাহাকাৰ পৰিস্থিতিত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.