ETV Bharat / state

অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাৰ একেলগে আত্মহত্যাৰ হুংকাৰ

author img

By

Published : Sep 2, 2022, 10:44 PM IST

মুখ্যমন্ত্ৰীক এদিনৰ সময়সীমা বান্ধি দিলে অপ্ৰাদেশীক শিক্ষক কৰ্মচাৰী সন্থাই ৷ এটা দিনৰ ভিতৰত প্ৰাদেশিকীকৰণ নকৰিলে আত্মজাহৰ ভাবুকি দিলে অপ্ৰাদেশীক শিক্ষক কৰ্মচাৰী সন্থাই(Non Provincialized Teacher Employee Association) ৷

Non Provincialized Teacher Employee Association
অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাৰ একেলগে আত্মহত্যা হুংকাৰ

গুৱাহাটী, ২ ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ পূৰ্বেই(Teachers day 2022) বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনাৰ দাবী সদৌ অসম অপ্ৰাদেশীক শিক্ষক কৰ্মচাৰী সন্থাৰ । অন্যথা অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই একেলগে আত্মহত্যা কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাৰ একেলগে আত্মহত্যা হুংকাৰ

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত সন্থাৰ সম্পাদক হৰমোহন বৰাই মুখ্যমন্ত্ৰীক হাতযোৰ কৰি পেটৰ ভাতমুঠি নামাৰিবলৈ আহ্বান জনায় । শিক্ষক দিৱসৰ দিনাই কাহি-বাতি লৈ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই । প্ৰয়োজনত চৰম সিদ্ধান্ত ল'বলৈও সাজু বুলি উল্লেখ কৰে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই (Non Provincialized Teacher Employee Association)।

সন্থাৰ সম্পাদক হৰমোহন বৰাই কয়, ‘‘অসম চৰকাৰৰ ২০১৭ আৰু ২০১৮ (সংশোধনী) শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইনখনৰ বিৰোধিতা কৰে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই । উক্ত আইনখনত থকা বহু অনমনীয় ধাৰা-উপধাৰা বাবে এতিয়াও প্ৰায় ২,৬৮৭ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি আছে (Non Provincialized school in Assam)। আনহাতে শিক্ষক কৰ্মচাৰীৰ মহান ত্যাগক গুৰুত্ব নিদি কেৱল নীতি-নিয়মক গুৰুত্ব দি সন্নিবিষ্ট কিছুমান ধাৰা-উপধাৰাৰ বাবে ২০১৩ আৰু ২০২১ চনত বহু শিক্ষক কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰিলে’’।

চৰকাৰৰ এনে অন্যায়ৰ বাবে প্ৰায় ২৫১৭০ শিক্ষক-কর্মচাৰী আৰু তেওঁলোকৰ জীৱন দুৰ্বিষহ হৈ পৰা বুলি মন্তব্য কৰি ইতিমধ্যে চৰকাৰৰ এনে বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ প্ৰায় ৪ শতাধিক শিক্ষাগুৰুৱে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগা হৈছে বুলি উল্লেখ কৰে (Teacher threats suicide in Assam)।

আনহাতে প্ৰায় এক হাজাৰৰো অধিক শিক্ষকে গোটেই জীৱন বিনা বেতনে মানৱ সম্পদ গঢ়াত নিয়োজিত হৈ কান্দি কান্দি অৱসৰ গ্ৰহণ কৰিব লগা হৈছে বুলি মন্তব্য কৰে অপ্ৰাদেশীক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক হৰমোহন বৰাই । লগতে তেওঁ উল্লেখ কৰে যে বাকী বঞ্চিত শিক্ষক-কৰ্মচাৰীসকলৰো অধিক সংখ্যকৰে বয়স প্ৰায় ৫০ ৰ উৰ্দ্ধৰ।

লগতে পঢ়ক: নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰৰ হেঁচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.