ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Aug 6, 2021, 7:02 PM IST

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

বিলাসী বাহনে চোঁচৰাই নিলে টোলগেটৰ কৰ্মচাৰীক

চিনেমাৰ কায়দাৰে টোলগেটৰ কৰ্মচাৰীক চোঁচৰাই নিলে বিলাসী গাড়ী চালকে ৷ উত্তপ্ত পৰিস্থিতি টোলগেটত ৷ স্থানীয় ৰাইজৰ সহযোগত টোলগেটৰ কৰ্মচাৰীয়ে আটক কৰে গাড়ী চালকক ৷ ঘটনাস্থলীত উপস্থিত উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধায় চালকক ৷

কাল কৰ’ণা : আৰ্থিক দৈন্যতাৰ বাবে আত্মহনন প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীৰ

কৰ’ণা বিপৰ্যয়ৰ চূড়ান্ত ৰূপ ৷ আৰ্থিক দৈন্যতা সহিব নোৱাৰি আত্মহত্য়া এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ৷ গুৱাহাটী মহানগৰীৰ এটা প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীয়ে ল’লে জীৱনৰ চূড়ান্ত সিদ্ধান্ত ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল চামতাৰ ৰাজদ্বীপৰ নাম

ব্যতিক্ৰমী প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে পশ্চিম নলবাৰীৰ এজন ছাত্ৰই ৷ ছাত্ৰ গৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পশ্চিম নলবাৰীৰ ৰাইজ ৷ ছাত্ৰজনক আৰ্শীবাদ তথা শুভেচ্ছাৰে উপচাইছে নলবাৰীৰ সচেতন ৰাইজে ৷

সাংসদ তপন গগৈৰ নিজ সমষ্টিতে ঘনিষ্ঠ ঠিকাদাৰৰ লুন্ঠনৰাজ !

চৰাইদেউত দুটা বছৰতে বিধ্বস্ত হ'ল কেইবা লাখ টকীয়া পথ ৷ সাংসদ তপন গগৈৰ ঘনিষ্ঠ ঠিকাদাৰে লুন্ঠন চলোৱাৰ অভিযোগ ৷ পথ মেৰামতিৰ দাবীৰে সাপেখাতীত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷

গ্ৰাম্য কৰৰ কথা কৈ বিপদত ৰণজিৎ কুমাৰ দাস : পদত্যাগৰ দাবী বিৰোধীৰ

চলিত বিধানসভাৰ বাজেট অধিৱেশন (Assembly Budget Session)ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ই গ্ৰাম্য কৰ (Rural Tax) সন্দৰ্ভত কৰা ঘোষণাৰ ওলোটা মন্তব্য় কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৷ বিভাগীয় মন্ত্ৰীৰ এনে সিদ্ধান্তৰ বাবে মন্ত্ৰী দাসক মন্ত্ৰীসভাৰ পৰা পদত্যাগৰ দাবী উত্থাপন বিৰোধী বিধায়কৰ ৷

অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাট মুকলি হ’ব বুলি আশা কৰা হৈছে।

চম্পাৱতী নৈয়ে 20 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে

বঙাইগাঁও জিলাৰ বইটামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চগাঁও পাহাৰতলিৰ চম্পাৱতী নৈৰ গৰাহখহনীয়াই শংকিত কৰি তুলিছে ২০ খনকৈ গাঁৱৰ ৰাইজক ৷ বানপানী অহাৰ পূৰ্বেই ইতিমধ্যে অঞ্চলটোৰ পথসমূহ ব্যাপক গৰাখহনীয়াৰ কৱলত পৰিছে ৷ জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহেৰে পৰ্কুপাইন সংস্থাপন কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ।

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক(Rajiv Gandhi Khel Ratna) মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা(Major Dhyan Chand Khel Ratna Award) হিচাপে নামাকৰণ ৷ ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । স্বাস্থ্য কেন্দ্ৰটোত ক'ভিড ভেকচিন ল'বলৈ আহি টনা-আজুৰা ৰাইজৰ ৷ কেইবাঘন্টা জুৰি অপেক্ষা কৰাৰ পাচতো ক'ভিড ভেকচিন ল'বলৈ নাপাই একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ ইফালে একাংশ লোকে স্বাস্থ্য কেন্দ্ৰটোলৈ শিল দলিওৱাৰ অভিযোগ স্বাস্থ্যকৰ্মীৰ ৷

অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক

বৃহস্পতিবাৰে নিশা মুছলপুৰত এগৰাকী বিধৱা মহিলাৰ বাসগৃহৰ পৰা দুগৰাকী যুৱতী আৰু দুজন যুৱকক অংযত অৱস্থাত উদ্ধাৰ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিনৰ পৰাই মহিলাগৰাকীৰ বাসগৃহত এই অনৈতিক কাৰ্য চলি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ঘটনাটোৰ সৈতে জড়িত দুগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.