ETV Bharat / state

অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Aug 6, 2021, 1:45 PM IST

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাট মুকলি হ’ব বুলি আশা কৰা হৈছে।

chief ministers level meeting on assam meghalaya border
অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 6 আগষ্ট: অসম-মিজোৰামৰ পাচত আজি অসম-মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ এই গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয় ৷

5 আগষ্টত অসম আৰু মিজোৰামৰ সীমা সমস্যা সমাধান আৰু সীমান্তত শান্তি স্থাপনৰ বাবে দুয়ো ৰাজ্যৰ প্ৰতিনিধিৰে আইজলত বৈঠক অনুষ্ঠিত হোৱাৰ পাচত আজি অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রী বৈঠকত মিলিত হৈছে । বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপৰি দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু চৰকাৰী শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে ।

বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ লগতে অসমৰ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ইউ জি ব্ৰহ্মই অংশ গ্ৰহণ কৰে ৷ এই বৈঠকৰ জড়িয়তে উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাট মুকলি হ’ব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সীমা বিবাদ লৈ অসম আৰু মিজোৰামৰ মাজত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত দুয়ো ৰাজ্যই নিজ নিজ সীমান্তত এতিয়াৰে পৰা কোনো ধৰণৰ নিৰাপত্তাৰক্ষী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক: চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামলৈ যাবলগীয়া হ'ল কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.