গুৱাহাটী, ৫ আগষ্ট : যাত্ৰীবাহী বিমান বা স্থলপথেৰে নগৈ গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বিমাানেৰে মিজোৰামলৈ কিয় যাবলগীয়া হ'ল অসম চৰকাৰৰ দুই মন্ত্ৰী ? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে অসম চৰকাৰৰ ফালৰ পৰা শান্তিৰ বাৰ্তা লৈ মিজোৰামলৈ যাবলৈ তেওঁ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘালক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে পুৱা এই দুই মন্ত্ৰী চাৰ্টাৰ্ড বিমানেৰে বৰঝাৰৰ পৰা আইজল অভিমুখে উৰা মাৰে ।
বৰ্তমান ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে ৷ বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবেও নাবাৰ্ড বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চৰকাৰে ঋণ লৈছে ৷ ক'ভিডৰ সৈতে যুঁজিবলৈ ৰাইজৰ পৰা বৰঙণি বিচাৰিবলগীয়া হৈছে । তেনে সময়ত প্ৰায় ২৩ লাখ টকা কেৱল বিমানৰ ভাড়া পৰিশোধ কৰি দুজনকৈ মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমানেৰে মিজোৰামলৈ যোৱাটো কিমান জৰুৰী আছিল, তাকেলৈ এতিয়া প্ৰশ্ন উঠিছে ।
গুৱাহাটী আৰু আইজলৰ মাজত যাত্ৰীবাহী বিমান চলাচল কৰি থকাৰ পিছতো অসমৰ দৰে দৰিদ্ৰ এখন ৰাজ্যৰ দুই মন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমান লৈ শান্তিৰ বাৰ্তা বিলাবলৈ যোৱাটো হাস্যকৰ ।
উল্লেখ্য যে, বিজেপিৰ পূৰ্বৰ চৰকাৰেই হওক বা বৰ্তমানৰ চৰকাৰখনেই হওক, চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰাটো যেন এক ফেশ্বনলৈ ৰূপান্তৰিত হৈছে । পূৰ্বৰ মুখ্যমন্ত্ৰী অথবা বৰ্তমানৰ মুখ্যমন্ত্ৰী কোনো এজনেই এইক্ষেত্ৰত পিছ পৰি হোৱা নাই । ৰাজকোষৰ ধন ভাঙি চাৰ্টাৰ্ড বিমানেৰে বিলাস কৰাত এই চৰকাৰে মুঠেও কৃপণালি কৰা নাই ।
উল্লেখ্য যে, যোৱা ২৬ জুলাইত কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে বৰ্বৰতাৰে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল । সীমান্তত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হৈছিল আৰু আহত হৈছিল কেইবাগৰাকীও জোৱান ।
আনহাতে, এগৰাকী সাধাৰণ নাগৰিকেও মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল । এই ঘটনাৰ পিছৰে পৰা দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্ক অধিক বেয়াৰ দিশলৈ গতি কৰিছে । ইফালে, অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পাছতো এই পৰ্যন্ত মিজোৰাম চৰকাৰে অসম চৰকাৰলৈ শোক বাৰ্তা প্ৰেৰণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে ।
লগতে পঢক: লুইতৰ বুকুৰে চলিছে বগা চাউলৰ ক’লা বেহা