ETV Bharat / state

লুইতৰ বুকুৰে চলিছে বগা চাউলৰ ক’লা বেহা

author img

By

Published : Aug 5, 2021, 4:35 PM IST

বিলাসীপাৰা মহকুমাত নদী পথেৰে চলিছে বগা চাউলৰ ক’লা বেহা । আৰক্ষীয়ে সঘনাই নদীপথত অভিযান চলাই চোৰাং চাউল জব্দ কৰি আহিছে যদিও বৰ্তমানলৈ কোনো এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নোহোৱাতো তাপৰ্যপূৰ্ণ ৷

pds-rice-boat-seized-at-bilahipara
বিলাসীপাৰাত নাওসহ উদ্ধাৰ শতাধিক চোৰাং চাউল

পশ্চিম বিলাসীপাৰা,5 আগষ্ট : বিলাসীপাৰাত সক্ৰিয় হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল ব্যৱসায়ী চক্ৰ ৷ মহকুমাটোত দিনে নিশাই নদী পথেৰে চলিছে বগা চাউলৰ ক’লা বেহা । বিলাসীপাৰা শালকোচা আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে বৃহস্পতিবাৰে ছুৱাপাতা অঞ্চলত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল ব্যৱসায়ীৰ বিৰুদ্ধে চলায় অভিযান ৷

এই অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰচালিত নাওসহ প্ৰায় ১০০ বস্তা চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই চোৰাং চাউল ব্যৱসায়ীৰ দলটো ব্ৰহ্মপুত্ৰ নদী(Brahmaputra River)ত জপিয়াই পলাই যাবলৈ সক্ষম হয় ৷ চোৰাং চাউলসমূহ বাংলাদেশ লৈ সৰবৰাহৰ কৰাৰ সন্দেহ কৰিছে আৰক্ষী ৷

বিলাসীপাৰাত নাওসহ উদ্ধাৰ শতাধিক চোৰাং চাউল

শালকোচা আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে জব্দ কৰা চোৰাং চাউল ভৰ্তি নাওখন শালকোচা আৰক্ষী চকী লৈ যায় ৷ উল্লেখ্য যে, বিলাসীপাৰাত সঘনাই আৰক্ষীয়ে নদীপথত অভিযান চলাই চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয় যদিও ৰহস্যজনকভাৱে বৰ্তমানলৈ কোনো এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.